মোৰ দৃষ্টিত দেশৰ পৰিবেশ

0 55

জাতিৰ জাতীয় স্বভিমানে মোৰ দেশ উজলি উঠিল।সমূহ ৰাইজ একত্ৰিত হৈ কেবৰ বিপক্ষে মাৰ বান্ধি থিয় দিয়া পৰিলক্ষিত হ’ল।আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে কোনো দল সংগঠনৰ আওতাত থাকি নহয়,সমূহ জনগণে স্বত:স্ফুটভাৱে ৰাজপথলৈ ওলাই আহিল।দুই ,এক অপশক্তিয়ে এই আন্দোলনক হিংসাত্মক ৰুপ দিয়াৰ চেষ্টা কৰিলেও শান্তিপ্ৰিয় অসমীয়া সমাজৰ বিশিষ্ট ব্যক্তি সকলে আহ্বানত  এই আন্দোলন অহিংস পন্থাৰে হ’ল ।এই ক্ষেত্ৰত নাগৰিক সমাজ,আছু,শিল্পী সমাজৰ প্ৰচেষ্টা অতিকে প্ৰশংসনীয়।১৯৪২ চনৰ দৰে হাজাৰ হাজাৰ অসমীয়া ডেকাই দেশ মাতৃক ৰক্ষাৰ নিমিত্তে ৰাজপথলৈ ওলাই অহা দৃষ্টি গোচৰ হ’ল।কি বৃদ্ধ,কি বনিতা আনকি বিশেষভাৱে সক্ষম লোকেও এই আন্দোলনত যোগদান কৰা দেখা গ’ল।চৰকাৰী পক্ষই ইণ্টাৰনেটৰ সংযোগ অথবা সান্ধ্য আইন ঘোষণা কৰিলেও,আন্দোলনৰ গতি কিন্তু স্তব্ধ নহ’ল।ইয়ে প্ৰমাণ কৰে যে আজি অম্বিকা গিৰি ৰায় চৌধুৰী ,সাহিত্যৰথী লক্ষ্মী নাথ বেজবৰুৱা,ডক্টৰ ভূপেন হাজৰিকা নাথাকিলেও তেখেত সকলৰ আহ্বান প্ৰতিজন অসমীয়াৰ প্ৰাণে প্ৰাণে গুঞ্জৰিত।আন্দোলনৰ সময়ত গামোচাৰো প্ৰীতি বৃদ্ধি পোৱা দেখা গ’ল।কোনোৱে মূৰত,কোনোৱে কান্ধত,কোনোৱে বাইকত গামোচাৰে পতাকা উৰাই লোৱা দেখা গ’ল।এয়ে আন্দোলনে কেৱল স্বদেশ প্ৰেমকে প্ৰতিনিধিত্ব নকৰে,ই প্ৰতিনিধিত্ব কৰে জাতীয় একতাক,জাতীয়তাবোধক।

Leave A Reply

Your email address will not be published.