দেশৰ ৭৩ তম স্বাধীনতা দিৱসত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগই বিশেষ ভাৱে তাৎপৰ্য বহন কৰিছে। কাশ্মীৰ আজিৰ দিনৰ সৰ্বাধিক চৰ্চিত বিষয়। বৃটিছ মুক্ত ভাৰতত পোন প্ৰথমবাৰৰ বাবে এক ভাৰত, এক সংবিধানৰ ভিত্তিত স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বাবে মোডী চৰকাৰে লোৱা ঐতিহাসিক তথা সাহসিক সিদ্ধান্তৰ পৰিণতিতে আজি জম্মু-কাশ্মীৰ আৰু লাডাখতো উৰিল দেশৰ স্বভিমানৰ প্ৰতীক তিনি বৰণীয়া জাতীয় পতাকা।জম্মু-কাশ্মীৰ বা লাডাখৰ বাবে ধাৰা ৩৭০ প্ৰত্যাহাৰে কেনে ধৰণৰ স্থায়ী প্ৰভাৱ পেলাই তাৰ পূৰ্বানুমান সম্ভৱ নহয়। কিন্তু এইটো ঠিক যে মোডী চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তই সমগ্ৰ দেশতে ৭৩ তম স্বাধীনতা দিৱসকলৈ বোৱালে এক নতুন উৎসাহৰ জোৱাৰ।অসমো আগবাঢ়িছে এক সন্ধিক্ষণৰ মাজেৰে। এফালে এন আৰ চিক লৈ চিন্তা-দু:শ্চিন্তা। আনফালে মোডী চৰকাৰৰ তীব্র আগ্ৰাসী মনোভাৱৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। ভৱিষ্যত অসমৰ আৰ্থ- সামাজিক, ৰাজনৈতিক সকলো দিশত সু-স্পষ্ট, প্ৰত্যক্ষ প্ৰভাৱ পেলাবলগীয়া এই দুয়োটা বিষয়ে স্বাধীনতা দিৱসক লৈ অসমবাসীৰ আনন্দক কিছুপৰিমাণে হ’লেও প্ৰভাৱিত কৰিছে।কিন্তু দ্বিমত নাই যে ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ এই মহান দিনটোত ভাৰতীয় হিচাপে আমি সকলোৱে গৌৰৱান্বিত। এক ভাৰতৰ বুনিয়াদ গঠন হৈ আছে। হয়, কিছুমান চক্ৰই প্ৰৰোচিত কৰি আছে এই বুনিয়াদ যাতে দৃঢ় নহয় সেইয়া নিশ্চিত কৰাৰ বাবে। কিন্তু, এইটোও নিশ্চিত ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ ভেটি সূদৃঢ়। কোনো অপশক্তিয়েই এই মহান দেশখনৰ এই দেশৰ নাগৰিকৰ মজবুত ইচ্ছাশক্তি তথা স্বভিমানক আঘাত কৰিব নোৱাৰে। এনে অপশক্তিৰ দৌৰাত্ম পূৰ্বতেও আছিল ভৱিষ্যতেও থাকিব। আৰু তাৰ মাজত, বিশ্বৰ মানচিত্ৰত এক শক্তিশালী অংগ ৰাষ্ট্ৰ হৈ উজলি থাকিব এই ভাৰত দেশ। এন ই ফ’কাচ ডট কমৰ প্ৰত্যেকজন শুভাকাংক্ষীৰ লগতে সমগ্ৰ দেশবাসীক যাঁচিছো স্বাধীনতা দিৱসৰ অলেখ শুভকামনা। জয় হিন্দ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা