আজি পহিলা ব’হাগ ।অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন।অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনৰ সমান্তৰালভাৱে উদযাপিত হয় অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ।ৰঙালী বিহুৰ সাত দিনত সাত বিহু উদযাপিত হয়।সেই সাত বিহু হ’ল গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু চেৰা বিহু ।অৱশ্যে এই সকলো বিহু উদযাপনৰ লগত বৈজ্ঞানিক ভিত্তি জৰিত হৈ আছে ।ব’হাগ মাহৰ ঢোলৰ গুমগুমনিয়ে শস্যৰ শ্ৰীবৃদ্ধি কৰাত সহায় কৰে বুলি জনা যায় ।আনহাতে বিহুত নাচনীয়ে ব্যৱহাৰ কৰা জেতুকা, বৰ্হমথুৰি বিভিন্ন বেমাৰ প্ৰতিৰোধ কৰে।ৰঙালী বিহুৰ লগত জৰিত থকা বিভিন্ন পৰম্পৰাই পূৰ্বসুৰীৰ ঐতিহ্যক প্ৰতিনিধিত্ব কৰে।আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল বিহুৱে আমাৰ মাজত সম্প্ৰীতিৰ বাৰ্তা বিলায়, মিলনৰ সাঁকো গঢে আৰু বন্ধুত্বৰ এনাজৰী ডাল সুদৃঢ় কৰি তোলে।সদৌ শেষত সকলোকে ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা জনালো ।
1 Comment
আমাৰ গৌৰৱ#অভিমান#স্বাভিমান#অহংকাৰ ? ৰঙালী/বহাগ বিহুৰ বহুত বহুত ওলগ জনালো? লগতে
?শুভ❤নৱবৰ্ষ?