অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰ শাখা সমিতিৰ অষ্টম বাৰ্ষিক অধিবেশন আৰু অসমীয়া গদ্য সাহিত্যৰ জনক, বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী ভট্টদেৱৰ তিৰোভাৱ তিথি যোৱা ২৬ ডিচেম্বৰত হাতীগাঁৱৰ সিজুবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। বিয়লি ৩ বজাত সাহিত্য পৰিষদৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ধীৰেণ শৰ্মাই উদ্ধোধন কৰা সভা সঞ্চালনা কৰে মহানগৰ সমিতিৰ সভাপতি নিশুতি মজুমদাৰে। সভাত পাণ্ডু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা যশস্বী লেখক ভৱানীপ্ৰসাদ অধিকাৰীয়ে মুখ্য বক্তা হিচাপে অংশ লৈ অসমীয়া সাহিত্য জগতলৈ শ্রীশ্রী ভট্টদেৱৰ অৱদান লগতে তাহানিৰ সাহিত্যৰ স’তে বৰ্তমানৰ সাহিত্যৰ এক তুলনামূলক অধ্যয়নৰ সমীক্ষা দাঙি ধৰে। সভাত সাহিত্য পৰিষদৰ অসম প্ৰদেশ সমিতিৰ উপ-সভাপতি দেৱেশ্বৰ কলিতা, সচিব প্ৰধান কমল কলিতা বিশিষ্ট অতিথি হিচাপে অংশ লয়। মুকলি সভাৰ পূর্বে অনুষ্ঠিত বিষয় বাছনি সভাত ড০ দেবেন চন্দ্র দাস, ধীৰেণ শৰ্মা, মীনা কুমাৰী ৰায়মেধি, ৰমেন কলিতা, ডাঃ ইলিয়াচ আলী, তাইৰুল ইছলামক উপদেষ্টা, নিশুতি মজুমদাৰক সভাপতি, বিৰজা দেৱীক কাৰ্যকৰী সভাপতি, ডাঃ যোগেন দাস, মণিৰাম দাস, কমল কলিতাক উপ-সভাপতি, সুভাষ শৰ্মাক সচিব, দীপক শৰ্মাক প্ৰচাৰ সচিব, সুস্মিতা মজুমদাৰক কাৰ্যলয় সচিব, বন্দনা ৰায়মেধিক কোষাধ্যক্ষ হিচাপে লৈ আগন্তুক কাৰ্যকালৰ কমিটিখন গঠন কৰে।
Trending
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত স্বাক্ষৰিত হয় এইমএছ গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত এক বুজাবুজি চুক্তি
- আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল
- অমৃত বৃক্ষ আন্দোলনৰ অধীনত মৰিগাঁও জিলাত ৭ লাখ গছপুলি ৰোপণৰ লক্ষ্য
- তামুলপুৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা
- গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত মন্ত্ৰী অশোক সিংহলৰ ঘোষণা
- গোৱালপাৰাৰ সদ্যপ্ৰয়াত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকাৰ্ত পৰিয়ালবৰ্গক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ
- আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিন উদযাপন
- গুৱাহাটীত সাংবাদিকৰে মননশীল আলোচনাত অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক প্ৰফুল্ল কেতকাৰ
- পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন