অগপৰ পশ্চিম গুৱাহাটী আই টি চেলৰ এখন গুৰুত্বপূৰ্ণ সভা আজি লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হয়। আই টি চেলৰ সম্পাদক হৃষীকেশ শৰ্মাই আঁত ধৰা সভাখনত অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাস শৰ্মা , অগপ ৰ পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক তথা ৰাণী ভোলাগাও জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী , সহকাৰী সম্পাদক ৰুবুল বৈশ্য , অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় উপ সভানেত্ৰী গীতাঞ্জলি কাকতি ,অসম যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সম্পাদক প্ৰণৱ দাস , অগপ ৰ এক নম্বৰ ৱাৰ্ড সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জন পাটোৱাৰী , দক্ষিন ভোলাগাও আঞ্চলিক সমিতিৰ নেতা চবিন চন্দ্ৰ নাথ , ৰাণী আঞ্চলিক সমিতিৰ নেতা শংকৰ দাস , ৰঞ্জিত দাস , অনুপম শৰ্মাকে ধৰি কেইবাজনো নেতা আৰু সমষ্টিটোৰ ৮ টা ৱাৰ্ড সমিতি আৰু ৮ খন আঞ্চলিক সমিতিৰ প্ৰায় ৬০ জন মান প্ৰতিনিধি উপস্থিত থাকে । সভাত দলৰ সাংগঠনিক শক্তি বৃদ্ধি আৰু কামকাজত আই টি চেলৰ ভূমিকাৰ ওপৰত বিশদ আলোচনা কৰা হয় ।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়