অটল উদ্যান উদ্বোধন

0 236

গুৱাহাটীক সৌন্দৰ্যময় চহৰ হিচাপে গঢ়ি তোলাৰ আমাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি আদাবাৰীত জি এম ডি এৰ দ্বাৰা স্থাপিত অটল উদ্যান উদ্বোধন কৰে। ৮ কোটি ৭৪ লাখ টকা ব্যয়েৰে নিৰ্মিত উদ্যানখনে ৮ বিঘা এলেকা সামৰি লৈছে। উদ্যানখনত ২৫০জনীয়া আসনযুক্ত এম্ফিথিয়েটাৰ, ধ্যান ভৱন, মুকলি ব্যায়ামাগাৰ, শিশুৰ খেলা-ধূলাৰ সুবিধাকে ধৰি বহু সুবিধা উপলব্ধ কৰা হৈছে। এই অনুষ্ঠানৰ লগত সংগতি গুৱাহাটীৰ ১৫খন উদ্যান পৰিচালনা সমিতিক বিত্তীয় চেক বিতৰণ কৰে। বিশেষকৈ মহিলাসকলক, এই উদ্যানসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ল’বলৈ আৰু শিশু-কিশোৰ তথা যুৱক-যুৱতীসকলক উৎপাদনশীল কাৰ্যকলাপত নিয়োজিত কৰাৰ বাবে এই স্থানসমূহ ব্যৱহাৰ হ`ব বুলি জানিব পৰা গৈছে।
হেঙেৰাবাৰীত নিৰ্মাণ কৰা উদ্যানখনো শীঘ্ৰেই সম্পূৰ্ণ কৰা হ’ব আৰু ২০২৩ চনৰ ভিতৰত ফাঁচীবজাৰ পুৰণি কাৰাগাৰ চৌহদৰ উদ্ভিদ উদ্যান মুকলি কৰা হ’ব। ইয়াৰে সৈতে গুৱাহাটীত ৫খন ডাঙৰ উদ্যান নিৰ্মাণ হৈ উঠিব। আনহাতে সকলো চৰকাৰী কাৰ্যালয় চহৰৰ লখৰাৰ এক সংহত সঞ্চালকালয় পৰিসৰলৈ স্থানান্তৰ কৰি খালী হোৱা কাৰ্যালয় চৌহদত উদ্যান স্থাপনৰ প্ৰক্ৰিয়াও অব্যাহত আছে।
আনহাতে গুৱাহাটীত চলি থকা সকলো ফ্লাইঅভাৰ প্ৰকল্প নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। ২০২৩ চনৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং সম্পূৰ্ণ কৰাকে ধৰি অন্যান্য মুখ্য আন্তঃগাঁথনি প্ৰকল্পসমূহো পাইপলাইনত আছে। গুৱাহাটীৰ চাৰিওটা সমষ্টিতে ইনড’ৰ ষ্টেডিয়াম, ছুইমিং পুল, ক্ৰীড়া কমপ্লেক্স নিৰ্মাণৰ পৰিকল্পনা আছে বুলি জানিব পৰা গৈছে।উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী শ্ৰীঅশোক সিংহল, সাংসদ কুইন ওজা আৰু জি এম ডি এৰ অধ্যক্ষ শ্ৰীনাৰায়ণ ডেকা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.