উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট গুৱাহাটীৰ উদ্যোগত “Career Counselling Seminar in Hotel Management” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা ২৩ মে’ তাৰিখে অনুষ্ঠিত হয় । সন্ধিয়া ৬.৩০ বজাৰৰ পৰা ৮ বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই । শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালিকা তুলিকা হাজৰিকাৰ লগতে শিক্ষক শিক্ষয়ত্ৰীসকলো কৰ্মশালাত উপস্থিত থাকে । ড° বুঢ়াগোহাঁয়ে ” হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজীৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পৰ্য্যায়ত কেনেধৰণৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব, সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে । আগলৈও এনেধৰণৰ বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাত অংশ গ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৪০০০ এই দুটা ফোন নম্বৰ অথবা ই-মেইল gihm.ghy@gmail.com ত যোগাযোগ কৰিব পাৰিব বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ কতৃপৰ্ক্ষই জনাইছে ।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান