অভিনৱ উদ্ভাৱনে সুখবৰ কঢ়িয়াইছে

0 217

প্লাষ্টিকজাত সামগ্ৰী পৰিবেশ প্ৰদুষণৰ অন্যতম কাৰক হৈ পৰাৰ সময়তে তিনি উদ্যমী যুৱকে প্ৰস্তুত কৰি উলিয়াইছে প্লাষ্টিকেৰে নিৰ্মিত ইটা। অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰাক্তন ছাত্ৰ ডেভিড প্ৰতীম গগৈ,মৌচুম তালুকদাৰ আৰু ৰুপম চৌধুৰীয়ে এই বিশেষ ইটাবিধ প্ৰস্তুত কৰি উলিয়াইছে। এই সম্পৰ্কে মৌচুম তালুকদাৰে কয় এই ইটা বিধত প্লাষ্টিকজাত সামগ্ৰী গুৰি কৰি ব্যৱহাৰ কৰা হয়।সাধাৰণ ইটা নিচিনাকে পানী শোষন নকৰে|ইটা বিধ প্ৰস্তুত কৰি উলিয়াওতে প্ৰায় ৮ মাহ সময় লাগিছিল। ইটাবিধৰ বজাৰ মূল্য এচটাৰ দাম ৩৮ টকা। ইতিমধ্যে তেওঁলোকে জেৰান ইণ্ডাষ্টি নামেৰে এটা উদ্যোগ প্ৰতিষ্ঠা কৰি ব্যৱসায়িক ক্ষেত্ৰ খনত ভৰি দিছে। উল্লেখযোগ্য যে আজি আনুষ্ঠানিকভাৱে ইটাবিধ বজাৰত মুকলি কৰিব। প্লাষ্টিক প্ৰদুষনে ভয়াবহ সমস্যা হৈ ধৰা দিয়াৰ সময়তে উদ্যমী কেইগৰাকীৰ অভিনৱ প্ৰচেষ্টাই স্বাভাৱিকতে আশাৰ বতৰা কঢ়িয়াইছে।

Leave A Reply

Your email address will not be published.