অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ

0 261

অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ে ৩ ১মাৰ্চত সামৰণি পৰা ২০১৮ – ২০১৯ বিত্তীয় বৰ্ষত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক অভিলেখ পৰিমাণৰ ১৯৩,০৬,৮০,৩৭৯ টকা ৰাজহ সংগ্ৰহ হৈছে।ইয়াৰ পূৰ্বে ২০১৭-১৮ বৰ্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ১৭৮,৪৪,০২,২৯৭টকা।অৰ্থাৎ বিগত বৰ্ষতকৈ এইবাৰ ১৪.৬২কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ হৈছে ।এই বৃদ্ধিৰ পৰিমাণ ৮ শতাংশ ।জিলা পৰিবহন বিষয়া অৰুণ কুমাৰ বৰাই জানিবলৈ দিয়া মতে পথ কৰকে আদি কৰি বিভাগীয় কৰ আদায় নিদিলে ৩১মাৰ্চৰ পাছত পথত অনাদায়ী বাহনৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব বুলি আহ্বান জনোৱা হৈছিল।সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাহনৰ গৰাকীয়ে যাবতীয় কৰ আদায় দিয়াত ৰাজহৰ পৰিমাণ বৃদ্ধি পাইছে।তেনেদৰে কাৰ্য্যালয়ৰ যান বাহন পৰিদৰ্শককে ধৰি সমূহ কৰ্মচাৰীয়ে দায়িত্ব সহকাৰে সেৱাৰ মনোভাৱেৰে কাম কৰা, ৰাজহ বা কৰ ফাঁকিৰ সুৰুঙা ৰোধ কৰাৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে ।আনহাতে বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি মহানগৰীৰ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী মাজত পথ সুৰক্ষা দিশত সজাগতা সৃষ্টিৰ বাবে সংহত শৈক্ষিক কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।একেটা চৌহদতে থকা আঞ্চলিক পৰিবহন প্ৰাধিকৰণ সচিবৰ কাৰ্য্যালয় আৰু জিলা পৰিবহন বিষয়াই এইক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে।

Leave A Reply

Your email address will not be published.