অমৃত বৃক্ষ আন্দোলনৰ ৱেব পৰ্টেল আৰু মোবাইল এপ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

0 201

পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অমৃত বৃক্ষ আন্দোলনৰ ৱেব পৰ্টেল,মোবাইল এপ আৰু এই অভিযানৰ থীম সংগীত উন্মোচন অনুষ্ঠানত অংশগ্ৰহণ কৰে।আজি কাঠ ভিত্তিক উদ্যোগৰ পঞ্জীয়নৰ বাবেও এটা ৱেবছাইট মুকলি কৰা হয়।

উল্লেখযোগ্য যে অমৃত বৃক্ষ আন্দোলনৰ যোগেদি অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে ৰাজ্যত বনাঞ্চল বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ বাবে অহা ১৭ চেপ্তেম্বৰত ৩ ঘন্টাৰ ভিতৰত সমগ্ৰ ৰাজ্যতে ১ কোটি বাণিজ্যিক গছ পুলি ৰোপণৰ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য গ্ৰহন কৰিছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বনমন্ত্ৰী পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ৰাজ্যত বাণিজ্যিক গছ ৰোপণৰ দ্বাৰা কাঠ ভিত্তিক উদ্যোগসমূহৰ বিকাশৰ যি সপোন তাৰেই ফলশ্ৰুতি হৈছে অমৃত বৃক্ষ আন্দোলন। অহা বছৰৰ পৰা চৰকাৰী নাৰ্চাৰি সমূহত প্ৰায় ৬ কোটি বাণিজ্যিক গছপুলি উৎপাদন কৰাৰ লক্ষ্য গ্ৰহন কৰাৰ কথাও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

বনমন্ত্ৰীয়ে গৰাকীয়ে কয় আমি বিচাৰো যে জনসাধাৰণে নিজৰ মাটিত সক্ৰিয়তাৰে ব্যৱসায়িকভাৱে উপযোগী গছ ৰোপণ কৰক যাতে কাঠ ভিত্তিক উদ্যোগৰ বাবে বনাঞ্চল ধ্বংস নহয়”। তেওঁ লগতে জনাইছে যে চৰকাৰী নাৰ্চাৰীত বগা চন্দনৰ দৰে ব্যৱসায়িকভাৱে লাভজনক গছৰ পুলি উৎপাদনৰ ব্যৱস্থা কৰা হৈছে যিবোৰ ইচ্ছুক ব্যক্তিসকলক বিনামূলীয়াকৈ দিয়া হ’ব। ইয়াৰোপৰি অমৃত বৃক্ষ আন্দোলনত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো অংশীদাৰী বিভাগক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন, চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং প্ৰমূখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.