অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

0 131


১৮৫৩ চনত দেশত ৰেল চলাচল আৰম্ভ হোৱাৰ প্ৰায় চাৰে তিনি দশক পাছত ১৮৭৭ চনত মধ্য অসমৰ তেতিয়াৰ নতুনকৈ গঢ়ি উঠা মফচলিয়া চহৰ নগাঁওৰ হয়বৰগাঁৱত বৃটিছ চৰকাৰে নিৰ্মাণ কৰিছিল হয়বৰগাওঁ ৰেল ষ্টেচনটো। তাৰ পাছত মিটাৰগজ, ব্ৰডগজ আদি কেবাটাও পৰিক্ৰমাৰ মাজত ৰেল ষ্টেচনটো সময। কিন্তু শেহতীয়াকৈ ১৪৭ টা বছৰ গৰকা হয়বৰগাওঁ ৰেলৱে ষ্টেচনটোক ভাৰত চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয়ে গ্ৰহণ কৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰেল ষ্টেচনটো আধুনিক সা- সুবিধাৰে নতুনকৈ নিৰ্মাণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২২ মে’ত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত সমগ্র দেশজুৰি ১০৩খন পুনবিকশিত ৰে’লৱে ষ্টেচনৰ ভার্চুৱেলী উদ্বোধন কৰিব । য’ত হয়বৰগাঁও ৰেল ষ্টেচনটো অন্তৰ্ভুক্ত হৈছে। নগাঁওৰ মাজমজিয়াত অৱস্থিত, এই ষ্টেচনটোৱে বহুদিন ধৰি এক গুৰুত্বপূৰ্ণ পৰিবহণৰ সংযোগস্থল হিচাপে সেৱা আগবঢ়াই আহিছে । ৰেল ষ্টেচনটোত প্রতিদিনে প্রায় ১,২০০ যাত্ৰীৰ সমাগম হয় ।
হয়বৰগাওঁ ৰেলৱে ষ্টেচনটোত আকর্ষণীয় প্রৱেশ পথ, এটা নৱ নির্মিত ষ্টেচন ভৱন আৰু এক বিস্তৃত এলাকাৰ বৈশিষ্ট্যৰে সজ্জিত কৰা হৈছে। ইয়াৰ উপৰিও আধুনিক প্রতীক্ষা হল, মডুলাৰ আৰু দিব্যাংগজন হিতৈষী শৌচাগাৰৰ সৈতে যাত্ৰীৰ আধুনিক সা-সুবিধাসমূহ বিশেষভাৱে বৃদ্ধি কৰা হৈছে। তদুপৰি নব নির্মিত ষ্টেচনটোত শিশুক আহাৰ প্ৰদানৰ ব্যৱস্থাসহ এক জলপান কক্ষও উপলব্ধ কৰা হৈছে। প্লেটফর্মসমূহ পুনৰ নিৰ্মাণ কৰা হৈছে । বিশাল পাৰ্কিং এলেকাত দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহন ৰখাৰ বাবে পার্কিং জ’ন নিৰ্ধাৰিত কৰাৰ সৈতে এই এলেকাৰ পুনঃনিৰ্মাণ কৰা হৈছে। ষ্টেচনটোত টাইলচ, ৰেম্প আৰু সুগম টিকট কাউন্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে । নিশাও যাতে আলোকিত হৈ থাকে তাৰ বাবে হাই-মাষ্ট লাইটিং, ব্যৱস্থা উন্নীত কৰা হৈছে।দেৱাল সমূহত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক বিষয় সমৃদ্ধ ভাষ্কর্য স্থাপন কৰা হৈছে অন্তর্ভুক্ত আছে।
হয়বৰগাওঁ ষ্টেচনৰ নতুনকৈ নিৰ্মাণ তথা পুনর্বিকাশ হোৱাৰ পাছত এতিয়া যাত্ৰীৰ উন্নয়ন সাধন হোৱাৰ লগতে দাঁতি কাষৰীয়া অঞ্চল সমূহৰো পৰ্যটন উন্নয়নলৈ এক সম্ভাৱনা কঢ়িয়াই আনিব। ফলত বাহিৰৰ পৰা অহা লোক বা পৰ্যটকে এই ৰেলৱে ষ্টেচনটোৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বৰদোৱা সত্ৰৰ দৰে নিকটৱৰ্তী পর্যটনথলী সমূহলৈ প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হব। একেদৰে নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ লোক সকলেও যাতায়াত কৰাৰ ক্ষেত্ৰত বহুখিনী সকাহ লাভ কৰিব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.