মহানগৰীত চলাচল কৰি থকা আৰু পৰিবহন সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা প্ৰায় পাঁচ হাজাৰ অলা আৰু উবেৰৰ চালকৰ সমস্যা সমাধানৰ বাবে ১৯ জুলাইৰ বিয়লি বেতকুচিস্থিত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহন প্ৰাধিকৰণৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ পৰিবহন আয়ুক্তৰ নিৰ্দেশনা অনুসৰি আঞ্চলিক পৰিবহন প্ৰাধিকৰণৰ সচিব আৰু জিলা পৰিবহন বিষয়া ৰফিকুল হুছেইনৰ আহ্বান মৰ্মে আৰু তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অলা কৰ্তৃপক্ষৰ হৈ মাণ্ডলিক বিষয়া ভাস্কৰ বৰা , উবেৰ কৰ্তৃপক্ষৰ হৈ বনানী বৰদলৈ আৰু পীয়ুষ পাঠক , অলা আৰু উবেৰ কেব অপাৰেটৰৰ হৈ ইব্ৰাহিম আলী আৰু দেৱজিৎ ডেকাই ভাগ লয় । বৈঠকত অলা আৰু উবেৰৰ চালক সকলে ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ভোগ কৰি অহা সমস্যা সমূহৰ বিশদ আলোচনা কৰা হয় । ইয়াৰ উপৰিও আলোচনা কালত অলা আৰু উবেৰ কৰ্তৃপক্ষৰ প্ৰতিনিধিয়ে চালক বা অপাৰেটৰ সকলৰ সমস্যা সমূহ মানৱীয়তাৰে সমাধান কৰা হব বুলি আশ্বাস প্ৰদান কৰে । আনহাতে প্ৰাধিকৰণৰ সচিব ৰফিকুল হুছেইনে উভয় পক্ষকে এৰা ধৰি কৰি সমস্য সমূহ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়ায় । তেনেদৰে ৰাজ্য চৰকাৰৰ ক’ভিড বিধি সকলোৱে মানি যাত্ৰীলৈ সেৱা আগবঢ়ায় তাৰ বাবে আহ্বান জনায় সচিব ৰফিকুল হুছেইনে । তেনেদৰে বৈঠকৰ অন্তত অলা আৰু উবেৰ কেব অপাৰেটৰ সংস্থাই পহিলা আগস্টৰ পৰা তেওঁলোকে যি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল তাক প্ৰত্যাহাৰ কৰা হৈছে বুলি সদৰি কৰে।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ