স্বপ্ৰতিভাৰে উজ্বলি উঠা এজন কিশোৰ।সৰুৰে পৰাই নৃত্য,চিত্ৰকলা,দেৱ দেৱীৰ সাধুকথাৰ প্ৰতি আকৃষ্ট কিশোৰজনে দেৱ দেৱীৰ মূৰ্তি কাঠ পেঞ্চিল,ৰং তুলিকাৰে অংকন কৰি আহিছে।তাৰোপৰি কিশোৰজনে খেৰ,মাটিৰে মূৰ্তি,প্ৰতিমাও নিৰ্মাণ কৰিব পাৰে।মঙ্গলদৈৰ ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এই প্ৰতিভাসম্পন্ন কিশোৰ জনৰ নাম মানসজ্যোতি ডেকা।অষ্টম শ্ৰেণীৰ ছাত্ৰ মানসে এইবাৰ খেৰ,চিমেণ্ট,মাটি ব্যৱহাৰ কৰি সৰস্বতী দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে।নিজ বিদ্যালয়ত মৃন্ময় প্ৰতিমা দান কৰিব কিশোৰজনে।বিদ্যালয়ৰ শিক্ষক হিতেশ কাকতিৰ মতে পঢ়া শুনাৰ লগতে মানসে অংকন কৰা চিত্ৰকলা,মৃৎকলাৰ কাৰুকাৰ্য্য শলাগিবলগীয়া।ঔতলাৰ বেচিমাৰী গাঁৱৰ বুলেন ডেকাৰ একমাত্র পুত্ৰ মানসে দৰিদ্ৰতাকো নেওচি কোনো ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ নিজা ধ্যান ধাৰণাৰে এই কাম কৰি আহিছে।সম্প্রতি অহকা গাঁৱত মোমায়েকৰ ঘৰত থাকি প্ৰতিমা নিৰ্মাণ কৰি থকা কিশোৰজনে এই কথা প্ৰমাণ কৰিলে যে প্ৰতিভাৰ মৰণ নাই।দৰিদ্ৰতা কেতিয়াও প্ৰতিভাৰ হেঙাৰ হ’ব নোৱাৰে।পিতৃয়ে কয় মাত্ৰ আঢ়ৈ বছৰ বয়সতে মানসৰ হৃদযন্ত্রত ফুটা থকাৰ বাবে এইমছত চিকিৎসা কৰোৱা হৈছিল।এতিয়াও সম্পূৰ্ণ আৰোগ্য হৈ উঠা নাই।সেয়ে তাৰ মন ভালে থাকিবৰ বাবে সি কৰা কোনো কামতে আমি হকা বাধা কৰা নাই। মানস এই কাৰ্য্যৰ বাবে বহুজনৰ প্ৰেৰণা হৈ পৰিছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা