অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰা গো-পাল  সংস্কৃতি এতিয়াও জীয়াই ৰাখিছে জামুগুৰিহাটৰ তিনিখন গাঁৱে

0 71

আধুনিকতাৰ ধামখুমিয়া পৰিবেশৰ বাবে অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এক পৰম্পৰা হ’ল গো-পাল প্ৰথা । আজিৰ পৰা ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই এই প্ৰথা আছিল। প্ৰতিখন গাঁওৰ প্ৰত্যকজন ব্যক্তিৰ ঘৰৰ সমূহ গৰু গাই সমুহীয়া ভাৱে চৰাবলৈ লৈ যোৱা হৈছিল। প্ৰতিদিনাই পাল পাতি গাঁওখনৰ দুখন ঘৰৰ  দুজনকৈ ব্যক্তিয়ে চলাবলৈ লৈ যায় গৰু সমূহ। নৈ পাৰত বা পথাৰত গাঁৱৰ পৰা লৈ যোৱা গৰু সমুহ এৰি গৰখীয়াই গছৰ তলত বহি আপোনমনে জিৰণি লয় । কিন্তু  সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজৰ পৰা এই পৰম্পৰা নাইকিয়া হৈ গ’ল। গাঁৱত গৰু গাই পোহা মানুহৰ সংখ্যাও কমি গ’ল। যান্ত্ৰিকতাৰ ধামখুমিয়াত হেৰাই যাবলৈ ধৰা অসমীয়া গ্ৰাম্য সমাজৰ এই পৰম্পৰা কিন্তু এতিয়াও ধৰি ৰাখিছে জামুগুৰিহাটৰ মৰণাকুৰি, ঘাঁহিগাঁও, ঘিলাধৰীয়া গাঁৱৰ ৰাইজে। ককাদেউতাৰ দিনৰ শ শ বছৰীয়া এই পৰম্পৰা এতিয়াও অক্ষুন্ন ৰাখিছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ তিনিখন গাঁৱৰ ৰাইজে। গাঁওখনৰ ৰাইজে সমূহীয়া ভাৱে এতিয়াও চৰাবলৈ নিয়ে গৰু।গাঁওখনৰ শ শ গৰু  পাল পাতি চৰাবলৈ লৈ যায় প্ৰত্যেকদিনাই।জীয়া ভৰলী নদীৰ পাৰৰ চাপৰিলৈ ৰাতিপুৱাই উলিয়াই নিয়া গৰু সমুহ গধূলি হোৱাৰ আগে আগে  গৰখীয়াই লৈ আহে গাঁওলৈ। পাল পাতি গৰু চৰাবলৈ গৈ নদীৰ পাৰত বাঁহীত সুমধুৰ গীত জোৰে গৰখীয়াই। ভৰলীৰ পাৰৰ কহুৱা বনৰ মাজত গৰু চৰাবলৈ গৈ গৰু চাই থকাৰ মাজতে লগত লৈ যোৱা বাঁহীত গীতৰ আপোনমনে সুৰ দিয়ে গৰখীয়াই । কহুৱা বনৰ মাজৰ পৰা ৰিণি ৰিণি ভাঁহি অহা বাঁহীৰে  সুৰে নিকটৱৰ্ত্তী গাঁৱৰ ৰাইজক এক সুকীয়া মাদকতা দিবলৈও সক্ষম হয়। আধুনিকতাৰ বতাহে চুই যোৱাৰ সময়তো অসমীয়া সমাজৰ এই নিভাঁজ পৰম্পৰা জামুগুৰিহাটৰ তিনিখন গাঁৱে ধৰি ৰখাটো সঁচাই নান্দনিকতা পূৰ্ণ । 

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.