শিক্ষাবিদ-সাহিত্যিক ড: গনেশ্বৰ চহৰীয়ালৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ “নিদানুৰাম ৰাজবংশী সোৱৰণী শিক্ষা বঁটা প্ৰদান

0 220

বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক,হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বকো কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সচিব তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ (অবৈতনিক ),সোণতলী আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ,জিলা আৰু ৰাজ্যিক কৃতি শিক্ষক বঁটা বিজয়ী ড: গনেশ্বৰ চহৰীয়াক ৰাভা হাছং স্বায়ত্ত-শাসিত পৰিষদে নিদানুৰাম ৰাজবংশী সোৱৰণী শিক্ষা বঁটা প্ৰদান কৰে । এই বঁটা প্ৰদান কৰে ৰাভা হাছং স্বায়ত্ত-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । দেশৰ সাক্ষৰতা অভিযান, কিতাপ পঢ়া আন্দোলন, পুথিভড়াল আন্দোলন জ্ঞান বিজ্ঞান সমিতিৰ খণ্ডৰ পৰা ৰাজ্যিকলৈ আদি অনেক কাৰ্যসূচীত ড: গনেশ্বৰ চহৰীয়া নিৰলসভাৱে জড়িত। অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, অসম শিশু সাহিত্য সমাজ আদিৰ সৈতেও নিবিড়ভাৱে জড়িত । ড: গনেশ্বৰ চহৰীয়াৰ দৰে এজন গুণী ব্যক্তিয়ে এই সন্মান লাভ কৰাত তেওঁলৈ অভিনন্দন জনাইছে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, পছৰীয়া ৰাম সৰস্বতী সাহিত্য সমাজৰ সম্পাদক প্ৰদীপ নাৰায়ণ ভট্টাচাৰ্য, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে।

Leave A Reply

Your email address will not be published.