কৃষক সকলৰ বাবে জনকল্যাণমূলক কাৰ্য্যসূচীৰ জৰিয়তে কৃষক সকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ অসম কৃষক পৰিষদ দায়বদ্ধ আৰু নিৰ্দিষ্ট কৰ্মসূচীৰ আধাৰত অসম গণ পৰিষদ দলক সৰ্বস্তৰতে শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে আজি অনুষ্ঠিত অসম কৃষক পৰিষদৰ সাধাৰণ সভাই। গুৱাহাটীৰ আমবাৰীৰ অসম গণ পৰিষদ দলৰ কাৰ্য্যালয়ত পাচঁ শতাধিক বিভিন্ন জিলাৰ কৃষকৰ উপস্থিতিত অনুষ্ঠিত এই সভাত উপস্থিত থাকি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, ৰাজ্যখনৰ কৃষকসকলৰ পৰিশ্ৰম আৰু চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে বিগত দিনসমূহত কৃষি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকলক উপকৃত কৰিব পৰাকৈ বিভিন্ন আচঁনি গ্ৰহণ কৰিছে। ফলত ৰাজ্যখনৰ কৃষকসকল উপকৃত হৈছে আৰু ৰাজ্যখনৰ উৎপাদন বৃদ্ধি পাইছে। ৰাজ্যখনক অৰ্থনৈতিক ভাৱে স্বাৱলম্বীকৰণত কৃষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে, কৃষক সকলৰ মাজত সজাগতা বৃদ্ধি কৰি চৰকাৰী আচঁনিৰ সুবিধাসমূহ সহজ ভাৱে লাভ কৰিব পাৰে তাৰ বাবে কৃষক পৰিষদে সক্ৰিয়তাৰে কাম কৰা উচিত। বৰাই লগতে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষক পৰিষদে গ্ৰহণ কৰা প্ৰচেষ্টা প্ৰশংসা কৰে। সভাত সভাপতিত্ব কৰে দলৰ সাধাৰণ সম্পাদক তথা কৃষক পৰিষদৰ তত্বাবধায়ক ডা০ কমলাকান্ত কলিতাই। সভাত দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, বিমলেন্দু সিংহ, উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ডা০ তাৰাপ্ৰসাদ দাস, ড০ ৰঞ্জিত ডেকা, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত, সম্পাদক প্ৰচাৰ ড০ তপন দাস প্ৰমুখ্যে বহু সংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে। সভাত দুইশতাধিক বিভিন্ন অঞ্চলৰ কৃষকে অসম গণ পৰিষদ দলত যোগদান কৰে। সভাৰ উদ্দেশ্য বাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক