অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত কামৰূপ জিলাৰ পছৰীয়াস্থিত ৰাম সৰস্বতী প্ৰেক্ষাগৃহত ঔপন্যাসিক তথা জ্যেষ্ঠ নাগৰিক কন্ঠিৰাম কলিতাৰ শেহতীয়া উপন্যাস “জুয়ে পোৰা সোণ” কালি বিশিষ্ট বুদ্ধিজীবী,সাহিত্যিক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: দয়ানন্দ পাঠকে উন্মোচন কৰি কয়- বৰ্তমান সময়ৰ পৰিৱেশ বৰ হতাশজনক ।ইমান হতাশজনক পৰিৱেশৰ মাজতো কন্ঠিৰাম কলিতাই গ্ৰন্থ এখন উপহাৰ দিয়াটো উৎসাহজনক খবৰ । যুগে-যুগে গ্ৰন্থৰ চাহিদা থাকিব ।গ্ৰন্থ লেখকৰ জনপ্ৰিয়তা আছে । ভালে থকা আৰু জীয়াই থকাৰ মাজত পাৰ্থক্য আছে । শিক্ষাবিদ” ড: পাঠকে আৰু কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ধৰ্মীয় আদৰ্শৰ প্ৰবক্তা নহয়, তেওঁ ঐক্যতাৰ প্ৰতীক। আমি শংকৰদেৱক কিমান বুজিছো, তাক কৈ সন্দেহ আছে । অসমীয়া সাহিত্যত অনেক যুগজয়ী গ্ৰন্থ সৃষ্টি হৈছে,অইন ভাষালৈ অনুবাদ নোহোৱা বাবে আমাৰ অমৰ সাহিত্যিকসকলৰ গ্ৰন্থই সমাদৰ পোৱা নাই ।” ৰজনী কলিতাৰ ভাগৱত বন্দনাৰে আৰম্ভ কৰা সভাৰ আদৰণি ভাষণ দিয়ে ৰাম সৰস্বতী সাহিত্য সমাজৰ সম্পাদক প্ৰদীপ নাৰায়ণ ভট্টই । সভা উদ্ধোধন কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট সাহিত্যিক শচীন দাসে কয়- উপন্যাস, গল্প আদি গ্ৰন্থৰ তুলনা যথেষ্ট ব্যাপক । চৈয়দ আব্দুল মালিক, মেদিনী চৌধুৰী,মামণি ৰয়চম গোস্বামী , ভবেন্দ্ৰ নাথ শইকীয়া, শীলভদ্ৰ, হিতেশ ডেকা আদি অসমৰ বৰণীয় ঔপন্যাসিকসকলৰ মনোৰম সৃষ্টিৰাজী আজিও সমাদৰ আছে । অসমৰ অবসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান তথা লেখক ফটিক দত্ত গোস্বামীয়ে নিজৰ ভাষণত কয়- প্ৰতিভা সকলোৰে থাকে।কিছুমানে প্ৰকাশ কৰে ।কিছুমানে প্ৰকাশ কৰাৰ আশা বুকুত লৈ থাকোতেই সময় পাৰ হৈ যায় । ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সভাত অংশ লৈ কয়-উপন্যাস এখনে সমাজ এখনৰ চিত্ৰ অংকন কৰে । ৰামায়ণ, মহাভাৰত গ্ৰন্থ দুখনৰ জনপ্ৰিয়তা আজিও বিদ্যমান । বয়স আৰু কৰ্মৰ মাজত পাৰ্থক্য নাৰাখি আমি প্ৰতিজন মানুহে সদভাবনাৰে আগুৱাই যাব লাগে। পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক-কবি দীপক শৰ্মাই আত ধৰা সভাত তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আমচি, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক , ‘সাহিত্য কোঁৱৰ’ কমল কলিতা, অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ অবনী ৰঞ্জন পাঠক, বৰপেটাৰ বৰনগৰ বি এড মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষাবিদ গোলাম ছাৰোৱাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস বিশিষ্ট অতিথি হিচাপে অংশ লৈ অসমীয়া ভাষা-সাহিত্যত শক্তিশালী গ্ৰন্থ আৰু সৃষ্টি হোৱাৰ কামনা কৰে । সভাত কণিকা কৃষ্ণা বুজৰবৰুবা আৰু চন্দ্ৰ কলিতাই কামৰূপী লোকগীত, বেগম ৰুণা লাইলা মজুমদাৰে গোৱালপৰীয়া লোকতগীত পৰিবেশন কৰি সভাৰ সৌষ্ঠব বৰ্দ্ধন কৰে । সভাত বিশিষ্ট কবি শংকৰ শইকীয়া, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতা,কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি হাছেম পীয়াৰ, প্ৰাক্তন উপ- আৰক্ষী অধীক্ষক কৰুণাকান্ত দাস, বিশিষ্ট সংগীত পৰিচালক-গীতিকাৰ জীতেন্দ্ৰ মোহন দাস, পূৱ বংশৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বাসুদেব কলিতা, কুশল কোঁৱৰ হাইস্কুলৰ প্ৰধান শিক্ষক সৰ্বানন্দ কলিতা, সমাজহিতৈষী ভূপেন ডেকাৰ লগতে উত্তৰ গুৱাহাটী, আমিনগাৱ, দদৰা, দলিবাৰী, দমদমা, বৰম্বৈ, ডিমু,কনিহা আদি অঞ্চলৰ কবি- সাহিত্যিক উপস্থিত থাকে । সভাৰ শেষত শলাগ যাচে কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দিবাকৰ কলিতাই।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক