বিগত ৩ বছৰৰ সংগীত নাটক অকাদেমী বঁটা। অসমৰ ৫ গৰাকীলৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া নৃত্যলৈ অৱদান আগবঢ়োৱাৰ বাবে হৰি বৰা বৰবায়নক ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে। প্ৰখ্যাত বেহেলাবাদক মিনতি খাউণ্ডলৈ, ব্যাস ওজাপালিলৈ অৱদান আগবঢ়োৱাৰ বাবে গুৰুপ্ৰদাস ওজালৈ, সত্ৰীয়া ওজাপালিৰ বাবে গুৰুপ্ৰসাদ ওজালৈ আৰু লোকসংগীত আৰু লোক নৃত্যৰ বাবে মাখন চন্দ্ৰ বৰালৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হয়।লোক সংগীত, লোক নৃত্যৰ একনিষ্ঠ সাধক প্ৰসন্ন গগৈয়ে ২০২১ বৰ্ষৰ লোক সংগীত আৰু লোক নৃত্যৰ বাবে সংগীত নাটক অকাদেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, সত্ৰীয়া নৃত্যৰ শিল্পী ৰঞ্জুমণি শইকীয়াই ২০১৯ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শাস্ত্ৰীয় নৃত্যৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা বিশিষ্ট শিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জীয়ৰী ৰঞ্জুমণি শইকীয়া।সংগীত সত্ৰত বছৰি বহু ছাত্র-ছাত্ৰীক নৃত্যৰ প্ৰশিক্ষণ দি আহিছে ৰঞ্জুমণিয়ে। ভাৰতৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো শাস্ত্ৰীয় নৃত্যৰে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ।ইয়াৰ উপৰিও পৰিচালক অৱিনাশ শৰ্মা, অভিনয়ৰ ক্ষেত্ৰত প্রাঞ্জল শইকীয়া ২০১৯ বৰ্ষৰ আৰু লোকশিল্পী গুণীন্দ্র নাথ ওজাও নিৰ্বাচিত হৈছে সংগীত নাটক অকাদেমী বঁটাৰ বাবে। দেশৰ মুঠ ১২৮ গৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে।
Trending
- কামৰূপ মহানগৰত চলিত বৰ্ষৰ আশা অভিৱৰ্তন সফলভাৱে সম্পন্ন
- প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু
- Department of Posts (DoP) and National Stock Exchange of India Limited (NSE) Sign MoU to Advance Financial Inclusion through Mutual Fund Distribution
- নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.