অসম অনুসূচিত জাতি পৰিষদৰ মাজুলী জিলা সমিতিৰ নৱম ত্ৰি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 251

মাজুলীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।মাজুলীলৈ পথ যোগাযোগৰ দিশত যুগান্তকাৰী পদক্ষেপ হিচাপে অহা ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্মাণকাৰ্য আৰম্ভ হ’ব মাজুলী যোৰহাট সংযোগী দলঙৰ।বুধবাৰে মাজুলীত অসম অনুসূচিত জাতি পৰিষদৰ মাজুলী জিলা সমিতিৰ নৱম ত্ৰি-বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত সভাৰ ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইদৰে কয়।
বৃহত্তৰ অসমীয়া সমাজ গঠনত অনুসূচিত জাতিৰ লোকসকলৰ বৃহৎ অৱদান আছে।অনুসূচিত জাতিৰ লোকসকল স্ব মহিমাৰে মহিমামণ্ডিত।বিজেপি নেতৃত্বাধীন চৰকাৰে অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো ব্যক্তিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ,সবকা বিকাশ,সবকা বিশ্বাস নীতিৰ আধাৰত সম বিকাশৰ দিশে আগুৱাই লৈ গৈছে। প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা, সৌভাগ্য যোজনাৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি দ্বাৰা সমাজৰ অতিশয় দূৰ্বল লোকসকল উপকৃত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ জৰিয়তে সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হোৱাৰ লগতে ৰাজ্য খনৰ বিকাশৰ গতিও ত্বৰাম্বিত হৈছে।
অনুসূচিত জাতি পৰিষদে অনুসূচিত জাতিৰ লোক সকলৰ উন্নয়নৰ ক্ষেত্ৰত পালন কৰি অহা ভূমিকাৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰি কয় যে সতী ৰাধিকাৰ স্মৃতি নতুন প্ৰজন্মৰ মাজত তুলি ধৰাৰ বাবে ৰাজ্য চৰকাৰে সতী ৰাধিকা বঁটা প্ৰদান কৰিছে।সতী ৰাধিকাৰ আদৰ্শৰে যাতে নৱ প্ৰজন্মই আগুৱাই যাব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে মাজুলীত ১৫ বিঘা মাটি সামৰি সতী ৰাধিকা বহুমুখী প্ৰকল্প স্থাপন বাবে পদক্ষেপ গ্ৰহণ কৰিছে।এই প্ৰকল্পত সংগ্ৰহালয়,এম্পৰিয়াম, অতিথিশালা আৰু অধ্যয়ন কেন্দ্ৰ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ।এই প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাৰ বাবে অনুসূচিত জাতিৰ নৱ প্ৰজন্মক অহোপুৰুষাৰ্থ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
এই অনুষ্ঠান সাংসদ প্ৰদান বৰুৱা,অনুসূচিত জাতি পৰিষদৰ মাজুলীৰ জিলা সমিতিৰ সভাপতি দেৱজিৎ হাজৰিকা, সভানেত্ৰী পাপু হাজৰিকা দত্ত,আৰ্টফেডৰ উপাধ্যক্ষ ৰূপা কামাং,উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.