সদৌ অসম সাহিত্য সন্মিলনে এই বৰ্ষৰ ‘অসম অভিনয় ৰত্ন’ বঁটা আন্ত: ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা অসম সন্তান আদিল হুছেইনলৈ ।অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োবা ব্যক্তিলৈ এই বঁটা প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে। আনহাতে সন্মিলনীৰ সম্পাদক অবিনাশ শৰ্মাই জনায় যে গোৱালপাৰা জিলাত জন্ম গ্ৰহণ কৰি নাট্য চৰ্চাৰ মাজেৰে বলিউদ আৰু হলিউদত নিজস্ব আসন দখল কৰি অসমৰ নাম গৌৰাম্বিত কৰিছে । ‘হোৱাট উইল পিপ’ল চে’ শীৰ্ষক ছবিৰে নৰবেৰ ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত আমান্দা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আদিল হুছেইনৰ উক্ত ছবি খন বিশ্বৰ চলচিত্ৰ নিৰ্মাতা,শিল্পী,কলা-কুশলীৰ স্বপ্নৰ ‘অস্কাৰ ’ৰ দৌৰত অবতীৰ্ণ হৈছে ।এইয়া অসমৰ সাংস্কৃতিক জগতৰ বা সুখবৰ । সেয়েহে অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে আদিল হুছেইনক এই বঁটাৰ বাবে মনোনীত কৰা হৈছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সক্ৰিয়তাৰে শিল্পী গৰাকী জড়িত । পৰবৰ্তী সময়ত ৰাজ্যলৈ অহাৰ সময়ত ‘অভিনয় ৰত্ন বঁটা’ প্ৰদান কৰা হ’ব । উল্লেখ্য যে ২০১৭ বৰ্ষৰ ৫ নবেম্বৰত অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত ১৯ সংখ্যক উত্তৰ -পূৱ গ্ৰন্হ মেলা বাকৰিত অসম কবি মহোৎসৱৰ মঞ্চত সদৌ অসম সাহিত্য সন্মিলনে হাৰ্ট-থ্ৰব জুবিন গাৰ্গক প্ৰদান কৰিছিল ‘অসম সংগীত ৰত্ন বঁটা’ ।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান