সদৌ অসম আৰক্ষী সন্থাৰ এটা সজাতি দলে ১৭ জুলাইৰ সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ সচিবালয়ৰ কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰে । সন্থাৰ সভাপতি হেমন্ত কুমাৰ গোস্বামী আৰু সাধাৰণ সম্পাদক তাহেৰউদ্দিন আহমেদৰ নেতৃত্বত যোৱা সজাতি দলটোৱে মুখ্যমন্ত্ৰীক গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ আৰু এখন বিভিন্ন দাবী সম্বলিত পত্ৰ প্ৰদান কৰে । দাবীপত্ৰত কেন্দ্ৰীয় সশস্র আৰক্ষী বাহিনী সমূহৰ দৰে অসম আৰক্ষীৰ পৰিয়ালৰ লোকৰ বাবে কেচ লেচ হেলথ পলিচিৰ ব্যৱস্থা কৰা , এ পি আৰ অ’ৰ কনিষ্টবল , হেড কনিষ্টবল , এ এছ আইৰ গ্ৰেড পে ৰ আসোঁৱাহ , বেটেলিয়ান আৰু বিশেষ শাখাৰ হাবিলদাৰ সকলৰ গ্ৰেড পেৰআসোঁৱাহ দূৰ কৰা , উপ পৰিদৰ্শক আৰু পৰিদৰ্শকৰ পে বেণ্ড উন্নীত কৰা , অৰাজপত্ৰিত বিষয়া সকলৰ টাইম বাউণ্ড পদোন্নতি দিয়া , চাকৰি কালত কমেও চাৰিটা পদোন্নতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হয় । আনহাতে মুখ্যমন্ত্ৰীয়ে দাবী পত্ৰখন গ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধান আৰু সন্থাৰ বিষয়ববীয়া সকলৰ সৈতে মিলিত হৈ সমস্যা সমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে ।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন