সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই অসম আৰক্ষীৰ মহা পৰিদৰ্শক , এছ টি এফৰ মূৰব্বী ডঃ পাৰ্থ সাৰথি মহন্তক তেঁও সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্বহীদ ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিছে সাহসী বঁটা। ৩০ ডিচেম্বৰৰ দিনা বিয়লি গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত সদৌ টাই আহোম ছাত্ৰ সন্থাই শ্বহীদ ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত উদযাপন কৰা সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ অনুষ্ঠানত আৰক্ষী মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, পাটৰ চেলেং , এটা ড্ৰেগন, এখন হেংদান, মুগাৰ চাপকন আৰু মুগাৰ পাগ । ইফালে সন্থাৰ সভাপতি বসন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ডঃ পাৰ্থ সাৰথি মহন্তক বঁটা প্ৰদান কৰে শ্বহীদ মাতৃ মৃণালকান্তি গগৈয়ে। অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, এন আৰ এলৰ সঞ্চালক সঞ্জীৱ ফুকন, জ্যেষ্ঠ সাংবাদিক শোণিত ভূঞা, সন্থাৰ সাধাৰণ সম্পাদকদ্বয় দিগন্ত চাংমাই আৰু অচ্যুত বৰগোহাঁইসহ ধৰি বিষয়ববীয়া সকল উপস্থিত আছিল।
Trending
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান