অসম আৰক্ষীৰ ব্যাপক সালসলনি

0 227

ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি ঘটাইছে ।এক নিৰ্দেশনা যোগে গুৱাহাটীৰ জইণ্ট কমিছনাৰ দেৱৰাজ উপাধ্যায়ক অপৰাধ,আইন আৰু শৃংখলাৰ দায়িত্ব দিয়া হৈছে।
সুনিল কুমাৰক অসম আৰক্ষীৰ DIGP ৰ দায়িত্বভাৰ দিয়া হৈছে।কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তক গুৱাহাটীৰ DIGP(AP)ৰ দায়িত্ব দিয়া হৈছে।
ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱাক যোৰহাটৰ কেম্পৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।পুলিচ কমিছনাৰেট, গুৱাহাটীৰ অতিৰিক্ত ডিচিপি শুভ্ৰজিৎ বৰাক পদোন্নতিসহ কোকৰাঝাৰৰ চাৰিখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট পদলৈ বদলি কৰা হৈছে।
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহন লাল মিনাক ওদালগুৰিৰ খাজুৱাবিলৰ তৃতীয় এটিপিএফ বেটেলিয়ৰ কমাণ্ডেণ্টৰ দায়িত্ব দিয়া হৈছে।কোকৰাঝাৰৰ চাৰিখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট মনমোহন বড়োক BI(EO-1) ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।
নগাঁও বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট হিতেশ চন্দ্ৰ ৰয়ক কামৰূপৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।অসম আৰক্ষীৰ ধৰ্মেন্দ্ৰ কুমাৰ দাসক DCP(ops)ৰ দায়িত্ব দিয়া হৈছে।যোৰহাটস্থিত SB(EZ) ৰ আৰক্ষী অধীক্ষক লীনা দলেক গুৱাহাটীৰ SB(z)ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
কোকৰাঝাৰৰ গোহাঁইগাঁৱৰ মহকুমাৰ আৰক্ষী বিষয়া সিদ্ধাৰ্থ বৰগোহাঁইক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।সৰুপথাৰৰ মহকুমা আৰক্ষী বিষয়া পঙ্কজ যাদৱক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দি বদলি কৰা হৈছে।মাইবঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুস্কিন জৈনক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডোংগেলক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।
কৰিমগঞ্জ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।সেইদৰে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।

Leave A Reply

Your email address will not be published.