অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ ++ চিমেন্ট মুকলি

0 53

উত্তৰ পূৱ ভাৰতৰ অন্যতম চিমেন্ট নিৰ্মাতা টপচেম চিমেন্টে মেঘালয় চিমেন্ট লিমিটেডৰ বিক্রী আৰু বিপণনৰ জেষ্ঠ্য অধ্যক্ষ ড° অনিল কাপুৰৰ দ্বাৰা টপচেম চিমেন্টে এচ ডি চি এফ টি আৰ ++ মুকলি কৰে। উল্লেখ্য যে নতুন এই সামগ্রীবিধ হৈছে গ্ৰাউণ্ড ব্ৰেকিং নব্য সংযোজন, য’ত স্মার্ট মিক্স প্ৰযুক্তি অন্তর্ভুক্ত কৰা হৈছে। এই বিশেষ সামগ্রীভাগ শক্তি দক্ষতা বৃদ্ধি,স্থিৰতা বৃদ্ধি তথা উৎকৃষ্টতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে যাতে পেছাদাৰী তথা ব্যক্তিগত মালিকানাধীন উভয় পক্ষৰে সহায়ক ব্যয়সাপেক্ষ হয়। উক্ত অনুষ্ঠানটোত মেঘালয় চিমেন্ট লিমিটেডৰ কাৰিকৰী আৰু নন ট্ৰেড বিভাগৰ জেষ্ঠ্য মহাপ্রবন্ধক শ্ৰী জয়দীপ নাথৰ লগতে কোম্পানীটোৰ বিষয়ববীয়া সকলো উপস্থিত থাকি এই নতুন প্রডাক্ট উন্মোচনত অংশগ্রহণ কৰে।
টপচেম এচ ডি চি এফ টি আৰ++ উচ্চ মানদণ্ডৰ চিমেন্ট সামগ্রীৰ বিকাশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব, উন্নত প্ৰযুক্তিক পৰিৱেশ সচেতন পদ্ধতিৰ সৈতে মিশ্ৰণ কৰে। এই চিমেন্টৰ প্ৰস্তুতকৰণত ব্যবহৃত স্মার্ট মিক্স প্ৰযুক্তিয়ে নিশ্চিত কৰে যে সামগ্রীভাগে ইয়াৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস কৰাৰ সময়ত অধিক শক্তি আৰু স্থিৰতা প্ৰদান কৰে। এই প্ৰযুক্তিৰ সহায়ত টপচেম এচ ডি চি এফ টি আৰ++ এ কেৱল কাৰ্বন নিৰ্গমন হ্রাস কৰাই নহয়, তাৰ লগতে নিৰ্মাণ প্ৰকল্পবোৰত শক্তি দক্ষতা বৃদ্ধি কৰে, অধিক বহনক্ষমতা গঢ়ি তোলাৰ বিশ্বব্যাপী প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখে।
এই উন্নত প্রডাক্ট শুভাৰম্ভৰ ওপৰত আস্থা প্রকাশ কৰি মেঘালয় চিমেন্ট লিমিটেডৰ বিক্রী আৰু বিপণনৰ জেষ্ঠ্য অধ্যক্ষ ড° অনিল কাপুৰে কয় যে, “টপচেম এচ ডি চি এফ টি আৰ++ একমাত্র সৰ্বোত্তম চিমেন্ট উপৰিও -ই ভবিষ্যতৰ ভেঁটি। অতুলনীয় শক্তি, স্থিৰতা তথা পৰিবেশ অনুকূল গাঁথনিৰ সৈতে, এয়া আধুনিক নিৰ্মাণ সম্পর্কীয় বিকশিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলাৰ উদাহৰণ। এই চিমেন্টে আনবোৰতকৈ পৃথক কিয়নো ইয়াৰ বহুমূখী তাৎপর্য-ভেঁটিৰ পৰা চাদলৈ, খুঁটা, শ্লেব আৰু আন্তগাঁথনিগত উপাদানবোৰত ব্যতিক্রমধর্মী প্ৰদৰ্শন প্ৰদান কৰে,তাৰ ফলশ্রুতিত এই চিমেন্ট সৰ্বতোপ্ৰকাৰ প্ৰকল্পৰ বাবে সম্পূর্ণ চিমেন্ট হৈ উঠে।শক্তিৰ মাপকাঠিবোৰৰ সন্তুলনৰ ওপৰিও আৱাসিক, বানিজ্যিক আৰু আন্তগাঁথনিমূলক প্ৰকল্পকে ধৰি বিভিন্ন নিৰ্মাণ প্ৰয়োগৰ বাবে টপচেম এচ ডি চি এফ টি আৰ++ যেন এক আদৰ্শ। ইয়াত ফাট মেলাৰ সম্ভাবনা তাকৰ, তাকৰীয়া পাৰমাণৱিকতা, ক্ষতিকাৰক উপাদান, গেছৰ প্ৰতিৰোধ জাতীয় এনেবোৰ কংক্রিট গাঁথনিৰ সামগ্রিক মানদণ্ড, ভৰৰ বাবে এটা বিশ্বাসযোগ্য বিকল্প গঢ়ি তোলাতো নিশ্চিত কৰে।
প্ৰস্তুত কৰি উলিওৱা এই বিশেষ সামগ্রী ৫০ কিলোগ্রামৰ এক সুবিধাজনক উন্নত মানদণ্ডৰ এডষ্টাৰ বেগত পেক কৰা হ’ব, যিয়ে এয়া নিশ্চিত কৰিব যে চিমেন্টখিনি আদ্রতাৰ পৰা সম্পূর্ণ সুৰক্ষিত থাকিব আৰু অন চাইট পৰিবহণ পৰিচালনা কৰিবলৈ সুবিধাজনক হ’ব।
২০২০ চনত টপচেম এচ ডি চি মাষ্টাৰ ব্ৰেণ্ড হিচাপে সফলতাৰে প্ৰৱৰ্তন কৰাৰ পিছত টপচেম এচ ডি চি এফ টি আৰ++ মুকলি কৰা হয়। এই চিমেন্ট অসমৰ সমান্তৰালকৈ উত্তৰ পূব ভাৰতৰ অগ্ৰনী বিপনীবোৰত উপলব্ধ হ’ব। শক্তি দক্ষতা আৰু পাৰিপাৰ্শ্বিক দায়বদ্ধতাৰ প্ৰতি এক সুদৃঢ় প্ৰতিশ্ৰুতিৰ সৈতে টপচেম চিমেন্টে আধুনিক নিৰ্মাণৰ চাহিদা পূৰণৰ অৰ্থে অত্যাধুনিক সমাধানৰ যিয়ে সুনেতৃত্ব দিবলৈ অহৰহ সচেষ্ট।

Leave A Reply

Your email address will not be published.