এগৰাকীৰ অসম কন্যাৰ সাফল্যই গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যলৈ

0 233

এগৰাকী অসম কন্যা বিৰল সাফল্য।ক’ভিড পৰিস্থিতি সময়তে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ প্ৰীজা গোস্বামীয়ে।লণ্ডন স্কুল অৱ ইকন’মিক্সৰ শিক্ষাৰ্থী উপদেষ্টা হিচাপে মনোনীত হৈছে অসম কন্যা প্ৰীজা গোস্বামী। গুৱাহাটীৰ কুলেশ গোস্বামী আৰু গোপা গোস্বামী জীয়ৰী প্ৰীজা গোস্বামীয়ে ২০১৯ চনত লণ্ডন স্কুল অৱ ইকন’মিক্সৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।আৰু বিদ্যাতনিক ক্ষেত্ৰখনত দেখুৱা বিভিন্ন পাৰদৰ্শিতা বাবে প্ৰীজা গোস্বামীক উপদেষ্টা হিচাপে মনোনীত কৰা হয়।
প্ৰীজাই কয় যে কঠোৰ শ্ৰম আৰু অধ্যয়নেই অন্যতম মাপকাঠী।উল্লেখযোগ্য যে দেশ বিদেশৰ বহু ভাল চাকৰি বাদ দি প্ৰীজা গোস্বামীয়ে এতিয়া এছ এড নামৰ প্ৰতিষ্ঠানটোত ব্যস্ত হৈছে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ।ছাত্ৰ-ছাত্ৰী সন্মুখলৈ অহা প্ৰত্যাহ্বান আঁতৰ কৰি কেনেদৰে সফলতা চিৰি লাভ কৰিব পাৰি তাৰ মূলমন্ত্ৰ দাঙি ধৰিছে এইগৰাকী অসম কন্যাই।প্ৰীজা গোস্বামীয়ে কয় যে অসমত প্ৰতিভাৰ অভাৱ নাই।কেৱল প্ৰয়োজন উপযুক্ত গাইডৰ।
এইগৰাকী প্ৰচুৰ মেধাসম্পন্ন ছাত্ৰী লণ্ডন স্কুলত ইকন’মিক্সত অধ্যয়নৰ সময়ছোৱাত LSE ৰ সঞ্চালক আৰু বিশ্ববেংকৰ প্রাক্তন উপাধ্যক্ষৰ দ্বাৰা অন্যান্য সেৱা বাবে সন্মানিত হৈছিল।লগতে বহুকেইজন বিশ্বনেতাৰ সৈতে মতবিনিময় কৰিছিল।এইগৰাকী অসম কন্যাক আমাৰ ফালৰ পৰাও জনাইছোঁ অলেখ অভিনন্দন।

Leave A Reply

Your email address will not be published.