৭ জুনৰ ভিতৰত ৰাজ্যখনত ক’ভিড পৰিস্থিতি অধিক উন্নত হ’ব- মুখ্যমন্ত্ৰী

0 271

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি তথা ইয়াৰ লগত জড়িত আনুসংগিক বিষয়সমূহৰ বুজ লয়।ইয়াৰ পিছতে চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত থকা সাংবাদিক সকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি তেখেতে সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদত ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰি থকা ৩০০ খন বিচনাযুক্ত ইউনিটৰ বাবে প্ৰয়োজনীয় চিকিৎসকৰ বিষয়টো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি অন্যান্য জ্যেষ্ঠ চিকিৎসকৰ সৈতে আলোচনা কৰিছে।গুৱাহাটীৰ এই অতিৰিক্ত ৫০০ খন আইচিইউ বিচনাই ক’ভিডৰ চিকিৎসা ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তুলিব।এই ব্যৱস্থাপনাত চিকিৎসক নিয়োজিত কৰাৰ বিষয়টোৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে যাতে মানসম্পন্ন চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা যায়।
জুন মাহত অসমে ৭ লাখ ক’ভিড ভেকচিনৰ পালি লাভ কৰিব বুলি উল্লেখ কৰি এই পালি লাভ কৰাৰ পিছত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ত্বৰাম্বিত হ’ব।তেওঁ লগতে কয় যে ১৫ আগষ্টৰ ভিতৰত ৰাজ্য খনৰ এক বৃহৎ সংখ্যক লোকক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে সক্ষম হ’ব।মুখ্যমন্ত্ৰীয়ে লগতে আশা প্ৰকাশ কৰে যে ৭ জুনৰ ভিতৰত ৰাজ্য খনৰ ক’ভিড সংক্ৰমণ তথা ক’ভিডৰ ফলশ্ৰুতিত মৃত্যু হোৱা ৰোগীৰ সংখ্যা দ্ৰুত ভাৱে হ্ৰাস পাব।ৰাজ্য চৰকাৰে এই অতিমাৰী নিয়ন্ত্ৰণ কৰাৰ দিশত প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ দ্বাৰা উদ্ভাৱন কৰা ২-ডি জি এন্তি ক’ভিড ঔষধ ১৩ গৰাকী ৰোগীলৈ আগবঢ়োৱাৰ বাবে পদক্ষেপ লোৱা হৈছে।ৰোগী সকলে হাস্পিতালৰ পৰা যাতে সোনকালে ৰোগ মুক্ত হৈ যাব পাৰে তাৰ বাবে আন কিছু সংখ্যক অতি উচ্চ মানৰ ঔষধ ব্যৱহাৰৰ বাবে যো-জা চলাই থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
প্ৰতিষেধক প্ৰদান কাৰ্যসূচীক এক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে জনোৱা আহ্বান প্ৰতি সঁহাৰি জনাই অসমৰ ৰাইজে মুক্ত হন্তে আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰদান কৰা দান-বৰঙণি বাবে ৰাজ্যখনৰ জনসাধাৰণক তেওঁ বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে।
আজিৰ এই পৰিদৰ্শন সময়তে মুখ্যমন্ত্ৰী য়ে বৰ্তমান চিকিৎসা মহাবিদ্যালয় হাস্পিতাল খনত ক’ভিডত আক্রান্ত চিকিৎসাধীন হৈ থকা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰা আৰু বিধায়ক প্ৰদীপ হাজৰিকাৰ স্বাস্থ্যৰ বিষয়ে চিকিৎসকৰ পৰা বুজ লয়।
আজি এই পৰিদৰ্শন সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালৰ অধ্যক্ষ আৰু মুখ্য অধীক্ষক ডাঃ অচ্যুত বৈশ্য,চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাৰ লগতে অন্যান্য জ্যেষ্ঠ চিকিৎসক সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.