অসম চৰকাৰৰ পদক্ষেপক ৰাজ্যিক বিজেপিৰ আদৰণি

0 139

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ মহিলা আৰু দিব্যাংগ সকলক নিজ গৃহ‌ জিলাতে নিযুক্তি দিবৰ বাবে যি পদক্ষেপ হাতত লৈছে, তাক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে। দলৰ বশিষ্টস্থিত মুখ্য কায়্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিয়ে কয় যে অসম চৰকাৰে অলপতে ১ লাখ নিবনুৱা নিযুক্তিৰ অংশীদাৰ হিচাপে ২০ হাজাৰোধিক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ তালিকা ঘোষণা কৰিছিল। সম্পূৰ্ণ নিকাভাৱে নিৰ্বাচিত হোৱা বৃহৎ সংখ্যক নিযুক্তি প্ৰক্ৰিয়াই সমগ্ৰ ৰাজ্যতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছিল। শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰিছে যে উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ মহিলা আৰু বিকলাংগ সকলক যিমানদূৰ সম্ভৱ নিজ নিজ জিলাতে নিযুক্তি দিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

ৰাজ্যিক বিজেপিয়ে অসম চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনাই কয়, চৰকাৰৰ এনে পদক্ষেপে নিশ্চিতভাৱে মহিলাৰ লগতে বিকলাংগ প্ৰাৰ্থী সকলক উৎসাহিত কৰিছে। সম্ভৱত নিযুক্তিৰ ক্ষেত্ৰত এনে ব্যৱস্থা গ্ৰহণ কৰা অসমেই প্রথম ৰাজ্য।

Leave A Reply

Your email address will not be published.