অসম চৰকাৰ আৰু টাটা টেকন’লজিছ লিমিটেডৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত

0 258

কাৰিকৰী শিক্ষাত দৃষ্টান্তমূলক পৰিৱৰ্তনৰ লক্ষ্য আগত ৰাখি অসমৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহক উৎকৰ্ষ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে অসম চৰকাৰ আৰু টাটা টেকন’লজিছ লিমিটেডৰ মাজত আজি এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

এই যুটীয়া পদক্ষেপে আমাৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহক অত্যাধুনিক প্ৰযুক্তিৰ সৈতে অধিক সংযোজিত কৰি কাৰিকৰী শিক্ষাৰ দিশত এখন নতুন দ্বাৰ মুকলি কৰিব। প্ৰকল্পটোৰ মুঠ ব্যয় ২৩৯০.৮০ কোটি টকা ধাৰ্য কৰা হৈছে যাৰ ভিতৰত অসম চৰকাৰে ৩৬৬.০৬ কোটি টকাৰ ব্যয় বহন কৰিব। চুক্তিখন সফলতাৰে সম্পন্ন কৰিবলৈ আমাৰ চৰকাৰে প্ৰযুক্তিগত পৰীক্ষাগাৰ স্থাপন আৰু কৰ্মশালাৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানলৈ ১২,০০০ বৰ্গফুটজোৰা ঠাই প্ৰদান কৰিব। এই পদক্ষেপে প্ৰতিবছৰে প্ৰায় ২০,০০০ শিক্ষাৰ্থীৰ বাবে নিয়োগ সৃষ্টিত সহায় কৰিব। এই অনুষ্ঠানত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু শ্ৰীচন্দ্ৰ মোহন পাটোৱাৰী, শিক্ষা বিভাগৰ মাননীয় উপদেষ্টা ড° ননী গোপাল মহন্ত, টাটা টেকন’লজিছ লিমিটেডৰ মাননীয় অধ্যক্ষ শ্ৰী এছ ৰামদোৰাই, টাটা টেকন’লজিছ লিমিটেডৰ মাননীয় মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক ৱাৰেন হেৰিছ এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.