গুৱাহাটী আজাৰাস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগ, অসমৰ উদ্যোগত আৰু অসম ডনবস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজিৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহযোগত উদ্যমিতা বিষয়ক এক সজাগতা শিবিৰ ২৭ আগষ্টত অনুষ্ঠিত হয় । অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকনলজীৰ ডাইৰেক্ট ড° মনোৰঞ্জন কলিতাই আদৰণী ভাষণ আগবঢ়োৱা শিবিৰটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগ, অসমৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ড° সুকমল দেৱ আৰু সুবীৰ কুমাৰ দেৱ আৰ বি অ। তেওঁলোকে খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগৰ বিভিন্ন আচঁনিৰ বিষয়ে আলোকপাত কৰে আৰু প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী (Prime Minister Employment Generation Programme ,PMEGP)ৰ বিষয়ে বাখ্যা আগবঢ়ায়। লগতে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মাই আঁত ধৰা শিবিৰৰ শেষত শলাগৰ শৰাই আগবঢ়াই যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে ।
Trending
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
- পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
- অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত ৭৬ সংখ্যক শিল্পী দিৱস, ভোগালী বিহু আৰু ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন
- কাঁচিয়লি’ৰ শিশুনাট সমাৰোহৰ সফল সামৰণি-বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হ’ল পাঁচখনকৈ শিশুনাট