গুৱাহাটী আজাৰাস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগ, অসমৰ উদ্যোগত আৰু অসম ডনবস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজিৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহযোগত উদ্যমিতা বিষয়ক এক সজাগতা শিবিৰ ২৭ আগষ্টত অনুষ্ঠিত হয় । অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকনলজীৰ ডাইৰেক্ট ড° মনোৰঞ্জন কলিতাই আদৰণী ভাষণ আগবঢ়োৱা শিবিৰটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগ, অসমৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ড° সুকমল দেৱ আৰু সুবীৰ কুমাৰ দেৱ আৰ বি অ। তেওঁলোকে খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগৰ বিভিন্ন আচঁনিৰ বিষয়ে আলোকপাত কৰে আৰু প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী (Prime Minister Employment Generation Programme ,PMEGP)ৰ বিষয়ে বাখ্যা আগবঢ়ায়। লগতে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মাই আঁত ধৰা শিবিৰৰ শেষত শলাগৰ শৰাই আগবঢ়াই যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে ।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা