অসম চৰকাৰৰ স্ব অগ্ৰাধিকাৰ পুঁজিৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সম্প্ৰসাৰণ আৰু প্ৰশিক্ষণ শিতানত ২০২০-২০২১ বৰ্ষৰ অধীনত অসম পশু চিকিৎসা পৰিষদৰ উদ্যোগত তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত এলানি প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে।যোৱা চাৰি অক্টোবৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী অধীনত প্ৰথম পৰ্যায়ত ইতিমধ্যে ২০ গৰাকী কাৰ্যালয় সহায়ক আৰু ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত ৬০ গৰাকী পশু চিকিৎসকৰ প্ৰশিক্ষণ সমাপ্ত কৰা হৈছে।দ্বিতীয় পৰ্যায়ত ১১ নৱেম্বৰ তাৰিখে ২০ জনীয়া পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ প্ৰথমটো দলৰ প্ৰশিক্ষণ শুভাৰম্ভ কৰে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।ভাষণ প্ৰসংগত অধ্যক্ষ গৰাকীয়ে কয় যে পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সকল প্ৰথম চিনাকি আৰু প্ৰাথমিক কৰ্মী।তেওঁলোকে পশুপালক লগত সম্পৰ্ক অটুট ৰাখিলেহে বিভাগৰ প্ৰতি পালক সকল আগ্ৰহী হ’ব।অসম পশু চিকিৎসা পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি ডাঃ দণ্ডেশ্বৰ ডেকাই আঁত ধৰা এই অনুষ্ঠানত বিভাগৰ অতিৰিক্ত সঞ্চালক ডাঃ দিলীপ ভূঞা,পৰিষদৰ পঞ্জীয়ক ডাঃ বিশ্বজিৎ বৰল, পৰিকল্পনা বিষয়া ডাঃ ৰেজাউল কৰিমকে ধৰি কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে।তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন জিলাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।অহা ১৬ নৱেম্বৰ পৰা পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ দ্বিতীয়টো দলৰ প্ৰশিক্ষণ আৰম্ভ হ’ব।পৰৱৰ্তী পৰ্যায়ত পুনৰ কাৰ্যালয় সহায়ক আৰু পশু চিকিৎসকৰ প্ৰশিক্ষণৰ দিহা কৰা হ’ব।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing