অসম পেট্রোকেমিকেলছ্ লিমিটেড(এপিএল)ৰ সম্প্ৰতি চলি থকা সম্প্ৰসাৰণ প্ৰকল্পৰ অগ্রগতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এখন গুৰুত্বপূর্ণ বৈঠক আজি জনতা ভৱনৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হয়। এপিএলৰ অধ্যক্ষ বিকুল ডেকা , উদ্যোগ বিভাগৰ সচিব লক্ষ্মণন এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং, এপি এলৰ পৰিচালন সঞ্চালক ৰাজনীশ গগৈৰ লগতে অন্যান্য বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত উদ্যোগটোৰ সমপ্রতি চলি থকা প্ৰকল্পৰ অগ্রগতি সন্দৰ্ভত বুজ লৈ উদ্যোগ মন্ত্রী বড়াই এই কাম খৰতকীয়াকৈ কৰাৰওপৰত গুৰুত্ব আৰোপ কৰে। সভাত এপিএল ৰ পৰিচালন সঞ্চালক গৰাকীয়ে উদ্যোগটোৰ চলিথকা প্ৰকল্পৰ বিষয়ে অৱগত কৰে৷ ইয়াৰ পিছত উদ্যোগ মন্ত্রী বড়াই এসপ্তাহৰ ভিতৰতে এই সন্দৰ্ভত পুনৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ বাবে বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন