অসম পৰ্যটন বিভাগৰ চেন্নাই,হায়দৰাবাদত ৰোড শ্ব’ অনুষ্ঠিত

0 277

পৰ্যটন বিভাগ,পৰ্যটন মন্ত্ৰালয়ৰ সহযোগত অসম চৰকাৰ আৰু কেন্দ্রীয় ভাৰত চৰকাৰে বাংগালোৰৰ আলোফ দ্য মেৰিয়টত এক ৰোড শ্ব’ অনুষ্ঠিত কৰে ।এটা ৰোড শ্ব’ চেন্নাই আৰু আনটো হায়দৰাবাদত অনুষ্ঠিত হয় ।এই অনুষ্ঠানত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে এ টি ডি চি লিমিটেডৰ  অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নৱদ্বীপ কলিতা, ৰাজৱী হুছেইন আৰু যুটীয়া সম্পাদক কাবেৰী বি শৰ্মাই।ইয়াৰ বাহিৰেও এই অনুষ্ঠানত পৰ্যটন বিভাগৰ নিৰ্দেশক দেৱ কুমাৰ মিশ্র,পৰ্যটন বিভাগৰ ডেপুটি ডিৰেক্টৰ মৈত্ৰেয়ী দাস,বিদ্যাৰ্নভ বৰাৰ লগতে অন্যান্য বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
পৰ্যটন বিভাগৰ নিৰ্দেশক দেৱ কুমাৰ মিশ্ৰই এই অনুষ্ঠানত অসমৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সৌন্দর্য্যৰ বিষয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে উপস্থিত সকলোকে অসম পৰ্যটনৰ সম্পৰ্কে অৱগত কৰায়।উল্লেখ্য যে এই অনুষ্ঠানৰ অন্তিমটো তথা প্ৰধান ৰোড শ্ব’ কাইলৈ অৰ্থাৎ ৯ ফেব্ৰুৱাৰীত গোৱাৰ পানাজীত অনুষ্ঠিত হ’ব।যাৰ বাবে ইয়াৰ লগত জড়িত সকলো কৰ্মকৰ্তা ইতিমধ্যে পানাজীৰ হোটেল ফিডালগ’ত উপস্থিত হৈছে।

Leave A Reply

Your email address will not be published.