অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন ‘অসম মহিলা অভিযন্তা সংস্থা’ (WEFA) ৰ সপ্তদশ প্ৰতিষ্ঠা দিৱসটো ২ নবেম্বৰৰ দিনা বিয়লি গুৱাহাটীৰ পাণবজাৰস্থিত ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰ্ছৰ নৱনিৰ্মিত এনেক্স ভৱনৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৷ এই উপলক্ষে অসম মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী মৃদুলা দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে সংস্থাৰ সম্পাদিকা অন্তৰা বৰুৱাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোৰ আঁত ধৰে সংস্থাৰ সদস্যা গীতাঞ্জলি কাকতিয়ে। অনুষ্ঠানত মুখ্য অতিথি উপস্থিত আছিল অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ মালিনী গোস্বামী। ডঃ মালিনী গোস্বামীয়ে ‘Women in Leadership’ বিষয়ত ভাষণ প্ৰদান কৰি মহিলাৰ সবলীকৰণকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ বিদুয়ষী মহিলাৰ জীৱনাদৰ্শৰ ওপৰত বিশদ আলোকপাত কৰে ৷ অনুষ্ঠানত অসম মহিলা অভিযন্তা সংস্থাৰ এখন “স্মৰণিকা“ উন্মোচন কৰা হয় । ইয়াৰ উপৰিও অসমৰ বিভিন্ন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে অভিযান্ত্ৰিক শিক্ষাৰ ডিগ্ৰী আৰু ডিপ্লোমা পাঠ্যক্ৰমৰ উত্তীৰ্ণ আৰু অধ্যয়নৰত পাঁচ গৰাকী মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ ২০২৪-২৫ বৰ্ষৰ অভিযান্ত্ৰিক চুড়ান্ত পৰীক্ষাত সকলো ছাত্ৰীৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নায়িৰা ফাতিমা আহমেদক ১০ হাজাৰ টকাসহ ফণীধৰ দত্ত সোঁৱৰণী পুৰস্কাৰ প্ৰদান কৰা হয় ৷ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ পৰা চূড়ান্ত পৰীক্ষাত সকলো ছাত্ৰীৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হিয়া শৰ্মাক ১০ হাজাৰ টকাসহ কবিতা দেৱী কাকতি সোঁৱৰণী পুৰস্কাৰ প্ৰদান কৰা হয় ৷ একেদৰে ২০২৪-২৫ বৰ্ষত নামভৰ্তি কৰা আৰ্থিক ভাৱে দুৰ্ৱল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী সাগৰিকা নাথক ১০ হাজাৰ টকাসহ প্ৰদীপ কুমাৰ দত্ত সোঁৱৰণী পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ আৰ্থিক ভাৱে দুৰ্বল ২০২৪-২৫ বৰ্ষত ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত নাম ভৰ্তি কৰা ঋগশিতা গগৈক প্ৰদান কৰা হয় আৰু প্ৰয়াত দেৱেন্দ্ৰ নাথ ডেকা সোঁৱৰণী পুৰস্কাৰ আৰু প্ৰয়াত ৰবীন্দ্ৰ নাথ বৰুৱা পুৰস্কাৰ লাভ কৰে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ২০২৪-২৫ বৰ্ষত নাম ভৰ্তি কৰা আৰ্থিক ভাৱে দুৰ্বল মেধাৱী ছাত্ৰী কঙ্কনা তালুকদাৰে ৷ অনুষ্ঠানত মহিলা অভিযন্তা সকলে পৰিবেশন কৰা সমবেত সঙ্গীতেৰে এক সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হয় ৷ কণ কণ শিশুৰ নৃত্য আৰু আবৃত্তিৰ লগতে সংস্থাৰ সদস্যা সকলে পৰিবেশন কৰা হাৱাইন গীতাৰ বাদন আৰু গীতৰে এক মনোগ্ৰাহী অনুষ্ঠান ৰ পিছতে জাতীয় সঙ্গীত পৰিবেশনেৰে সভাৰ অন্ত পৰে।আনহাতে অনুষ্ঠানত অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱাকে ধৰি সংস্থাৰ কৰ্মকৰ্তা – সদস্যা, গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তৰ বহু মহিলা অভিযন্তা আৰু বিশিষ্ট লোক উপস্থিত আছিল । উল্লেখ্য যে সংস্থাই প্ৰতি বছৰে নৱেম্বৰ মাহৰ প্ৰথমটো সপ্তাহত প্ৰতিষ্ঠা দিবসটো অতি উলহ- মালহৰে উদযাপন কৰি আহিছে।