পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰ দুৰ্গম বুলি পৰিচিত গড়ভঙা, মাটাং আৰু জালুকপাহাম আদি গাঁওৰ গৰু, ছাগলী, গাহৰিকে ধৰি পশুধনৰ গৰাকী সকলক কিছু হলেও সকাহ দিবলৈ আগবাঢ়ি আহিছে ৰাণী ৰাজ্যিক পশু চিকিৎসালয় আৰু সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ৰাণী আঞ্চলিক কমিটি। ইয়াৰ অংশহিচাপে ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নাৰায়ণ দেউৰী আৰু সংঘৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা ৰাণী আঞ্চলিক কমিটিৰ উপদেষ্টা দীনেশ দাসৰ যৌথ তৎপৰতাত ১১ মে’ত সীমান্তৱৰ্তী তিনিওখন গাঁৱতে গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক টীকাকৰণ শিবিৰ অনুষ্ঠিত হয় । শিবিৰত অঞ্চলটোৰ গাওঁবুঢ়া চাইলা ৰংপী , উদীয়মান যুৱক উদ্ৰেণ ৰংপীয়ে নেতৃস্থানীয় লোকসকলে সহযোগিতা আগবঢ়ায় । তেনেদৰে জ্যেষ্ঠ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰীয়ে পশুপালন ক্ষেত্ৰ সহায়ক ক্ৰমে – চাদুকিদ্দীন আহমেদ , ময়ুখ দাস , অসীম দাস , কৌস্তভ ভৰদ্বাজৰ সহযোগত প্ৰায় ৪৫ টা গৰুক চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰে । আনহাতে কৃষক নেতা দীনেশ দাসে জানিবলৈ দিয়া মতে সীমান্তৱৰ্তী অঞ্চলটোত ১৬ খন গাঁও আছে । জনজাতীয় বসতিপ্ৰধান বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা সকলে প্ৰায় পাঁচ হাজাৰ গাহৰি , তিনি হাজাৰ গৰুকে ধৰি বিভিন্ন পশুপালনৰে জীৱিকা নিৰ্বাহ কৰি আহিছে । কিন্তু অঞ্চলটোত এখনো পশু চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হোৱা নাই । যাৰ বাবে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে গড়ভঙাত এখন পশু উপ চিকিৎসা কেন্দ্ৰ স্থাপন কৰিব লাগে বুলি দীনেশ দাসকে ধৰি অঞ্চলটোৰ পশুপালক সকলে দাবী জনাইছে ।
Trending
- Minister Krishnendu Paul Chairs Review Meeting to Assess Progress of Government Schemes in Darrang
- অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক সম্পন্ন – বন্তি শইকীয়াৰ গ্ৰন্থ “কণমইনাৰ সাধু” উন্মোচন
- টপচেম চিমেণ্টৰ পঞ্চম বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী সফলভাৱে সম্পন্ন- ৬০০ৰো অধিক শিশুলৈ সহায়ৰ হাত
- 16-Day Campaign Against Gender-Based Violence Concludes with Awareness Rally in Darrang
- আহি আছে হাড় কপোৱা জাৰ, উজনি অসমৰ বেছিভাগ ঠাইতে সৰ্বনিম্ন তাপমাত্ৰা নামিল ৮ ডিগ্ৰী চেলচিয়াছলৈ – গুৱাহাটীত নামিল ১২ ডিগ্ৰী চেলচিয়াছলৈ
- এইচ ডি এফ চি বেংক গ্ৰুপৰ এইচ ডি এফ চি টেক ইনোভেটৰছ-২০২৫ৰ সফল সামৰণি
- ১০-১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব