অসম মেলা কাৰ্যসূচী অনুষ্ঠিত

0 230

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত ৰাজ্য খনৰ শিক্ষা,স্বাস্থ্য, শিক্ষা আৰু পথ যোগাযোগৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ দিশত যুগান্তকাৰী দিশৰ সূচনা কৰি বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় আৰু চৰাইদেও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰা উপৰিও অসম মালা আঁচনিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।
উল্লেখ্য যে ৫৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ তথা ৫৫৭ কোটি টকাৰে নিৰ্মাণ হ’ব লগীয়া চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ে উত্তৰ অসম আৰু উজনি অসমৰ স্বাস্থ্য খণ্ডৰ দিশত বিশেষ সা সুবিধা সৃষ্টি কৰিব।তদুপৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে এই দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা বছৰি ২০০ গৰাকী এম বি বি এছ চিকিৎসকৰ সৃষ্টি হ’ব।আনহাতে অসম মালা আঁচনিৰ জৰিয়তে ৰাজ্য খনৰ সকলো জিলাৰে বাট পথ তথা দলং ইত্যাদি বিশেষ ভাৱে উন্নতি হ’ব।
দুখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা আৰু অসম মালা আঁচনিৰ শুভাৰম্ভ কৰি এই উপলক্ষে আয়োজিত বিশাল জনসভাত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া আৰু অসমৰ থলুৱা বিভিন্ন ভাষাত ৰাইজক সম্ভাষণ জ্ঞাপন কৰে।ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আজি কিছু দিনৰ আগতে অসমৰ শোষিত,নিষ্পেষিত থলুৱা জনসাধাৰণৰ মৰম ,স্নেহে তেখেতক বাৰে বাৰে অসমলৈ লৈ আহে বুলি কয়।ভাষণ প্ৰসংগত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত অসমৰ উন্নয়ন বিশেষ গতি লাভ কৰিছে বুলি কয়। আজি দিনতো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি অসমৰ বিভিন্ন ঠাইত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰধানমন্ত্ৰীয়ে ১৮০ কোটি টকা আগবঢ়াইছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।লগতে কয় যে জুলাই মাহৰ পৰা উন্নত চিকিৎসা বাবে অসমৰ জনসাধাৰণ দিল্লীলৈ যাব নালাগে।চাংসাৰিতে এই চিকিৎসা লাভ কৰিব পাৰিব।
আজি এই সভাত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্য চৰকাৰৰ মন্ত্ৰী ক্ৰমে ৰঞ্জিত দত্ত, অতুল বৰা,কেশৱ মহন্ত,পীয়ুষ হাজৰিকা, নৱ কুমাৰ দলে,বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ সকল ক্ৰমে কামাখ্যা প্ৰসাদ তাচ্ছা ,পল্লব লোচন দাস,কুইন ওজা,তপন কুমাৰ গগৈ,দিলীপ শইকীয়া, হাউছফেডৰ অধ্যক্ষ তথা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস,কেইবাগৰাকী বিধায়ক লগতে বহু সংখ্যক গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.