জলচৰ পক্ষী গণনা সম্পন্ন

0 264

প্ৰতি বছৰে শীতত উত্তৰ পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষী আগমন হয়। এই পৰিভ্ৰমী পক্ষীয়ে মুখৰিত হৈ পৰে গুৱাহাটী নিকটৱৰ্তী পবিতৰা অভয়াৰণ্যত ।অভয়াৰণ্য খনত যোৱা দেওবাৰে পক্ষী গণনা,জলচৰ পক্ষীৰ গণনা হয়।
পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা জলচৰ পক্ষী গণনা ১২ বজাত সমাপ্ত হয়। জানিব পৰা মতে পক্ষী গণনাত পোৱা গ’ল ৬০ টা বিভিন্ন প্ৰজাতিৰ প্ৰায় ২৫ হাজাৰ বিভিন্ন প্ৰজাতিৰ জলচৰ পক্ষী চাকৈ চকোৱা,ৰামকম,পানী কাউৰী,কণা মুচৰী,বগলী,ৰাজহাঁহ,খৰালি হাঁহ,বৰটোকোলাকে ধৰি বিভিন্ন দেশী বিদেশী পক্ষী মুক্ত ভাৱে বিচৰণ কৰে।
পৰিভ্ৰমী পক্ষী সমূহ আহে অষ্ট্ৰেলিয়া, কানাডা,জম্মু কাশ্মীৰ, লাডাখ ,চীন আৰু চাইবেৰীয়া পৰা।পক্ষী গগনা এই কাৰ্য্যত উপস্থিত থাকে আৰণ্যকৰ সঞ্চালক বিভৱ তালুকদাৰ পবিতৰাৰ ডি এফ অ লগতে বহু কেইজন ব্যক্তি।

Leave A Reply

Your email address will not be published.