গুলমাৰ্গৰ ১০০ ফুট উচ্চতাত স্থাপন হ’ব দেশৰ পতাকা

0 250

ৰাষ্ট্ৰীয় পতাকা দেশৰ গৌৰৱ। দেশৰ এই বিজয় ধ্বজাৰ কোনো শ্বহীদে ম্লান পৰিব দিয়া নাই । এই বিজয় ধ্বজাক সন্মান প্ৰদৰ্শশন কৰি ভাৰতীয় সেনাই এক পদক্ষেপ গ্ৰহণ কৰিছে।জম্মু-কাশ্মীৰৰ গুলমাৰ্গত ভাৰতীয় সেনাই ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপন কৰিব। উপত্যকাটোত এইখনেই হ’ব আটাইতকৈ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা।
সেনাৰ সূত্ৰই জানিবলৈ দিয়া মতে দেশৰ ছ’লাৰ ইণ্ডাষ্ট্ৰীজৰ সৈতে এই বিষয়ে তেওঁলোকৰ কথা হৈছে। গুলমাৰ্গত ১০০ ফুট উচ্চতাৰ পতাকা স্থাপনৰ কথা ভাৱিছে তেওঁলোকে।
বাতৰি অনুসৰি, গুলমাৰ্গৰ বিখ্যাত স্কী ৰিছ’ৰ্ট অঞ্চলৰ ডিভিজন জেনেৰেল অফিচাৰ অফ কমাণ্ডিং মেজৰ জেনেৰেল বীৰেন্দ্ৰ ভাটে দেওবাৰে ইয়াৰ আধাৰশিলা স্থাপন কৰে।আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বলীউদৰ প্ৰযোজক-অভিনেতা আৰবাজ খান আৰু অভিনেত্ৰী বিদ্যা বালান উপস্থিত আছিল।
সূত্ৰটোৱে প্ৰকাশ কৰা মতে পতাকাখন প্ৰায় ৯হাজাৰ ফুট উচ্চতাত লগোৱা হ’ব।

Leave A Reply

Your email address will not be published.