অসম যুৱ অলিম্পিকত বোকাখাতৰ খেলুৱৈৰ কৃতিত্ব

0 226

সদ্য সমাপ্ত অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত মল্ল যুদ্ধত ১০ টাকৈ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে বোকাখাত মহকুমা মল্ল যুদ্ধ সন্থাৰ খেলুৱৈয়ে ৷ মল্ল যুদ্ধ প্ৰতিযোগিতাত বোকাখাতৰ ৪ গৰাকীয়ে সোণ, ৩ গৰাকীয়ে ৰূপ আৰু ৩ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ৪৫ কিলোত জিন্তু পেগুৱে সোণ, ৪৮ কিলোত ভাস্কৰ পাটগিৰিয়ে সোণ, ৭১ কিলোত বসন্ত পাটগিৰিয়ে সোণ আৰু ৫৫ কিলোত অপূৰ্ৱ দাসে সোণৰ পদক লাভ কৰে ৷ ৪৩ কিলোত সুমিতা পেগুৱে ৰূপ, ৫১ কিলোত অপূৰ্ৱ নাথে ৰূপ আৰু ৬০ কিলোত ভীমকান্ত চিন্তেই ৰূপৰ পদক লাভ কৰে ৷ সেইদৰে ৬৫ কিলোত চন্দন শৰ্মাই ব্ৰঞ্জ, ৪৯ কিলোত সেৱিকা শইকীয়াই ব্ৰঞ্জ আৰু ৪৬ কিলোত মঞ্জুমালা কাৰ্ডঙে ব্ৰঞ্জৰ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ বিশেষভাৱে সক্ষম জিন্তু পেগুৱে সোণৰ পদক লাভ কৰাতো বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷ কিন্তু মল্ল যুদ্ধৰ প্ৰশিক্ষণৰ বাবে যেনেদৰে সা-সুবিধা লাভ কৰিব লাগিছিল সেইদৰে কিন্তু খেলুৱৈ সকলে সুবিধা লাভ কৰা নাই ৷ মল্ল যুদ্ধৰ প্ৰশিক্ষণ বা প্ৰতিযোগিতাৰ বাবে ৭২ খন মেটৰ প্ৰয়োজন হয় যদিও বোকাখাতৰ এইসকল খেলুৱৈয়ে ১৩ খন ফাটিছিটি যোৱা মেটতে প্ৰশিক্ষণ লৈ ৰাজ্যিক পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে ৷ বোকাখাতৰ দৰে এখন সৰু চহৰৰ ভিতৰুৱা গাঁৱৰ এইসকল খেলুৱৈয়ে যদি সঠিক সুবিধা লাভ কৰে তেন্তে ৰাষ্ট্ৰীয় পৰ্যায়তো এইসকল খৈলুৱৈ উজলিবলৈ সক্ষম হ’ব ৷ এই ক্ষেত্ৰত বোকাখাতৰ বিধায়ক, কৃষিমন্ত্ৰী তথা বোকাখাত জিলা ক্ৰীড়া সন্থাৰো সভাপতি অতুল বৰাক এইসকল খেলুৱৈৰ প্ৰতি অকণমান দৃষ্টি দিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা মল্ল যুদ্ধ সন্থাই ৷ সদ্য সমাপ্ত অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত মল্ল যুদ্ধত ১০ টাকৈ পদক লাভ কৰা এই ১০ গৰাকী খেলুৱৈক গোলাঘাট জিলা মল্ল যুদ্ধ সন্থাই শুক্ৰবাৰে বোকাখাত ৰাজহুৱা খেলপথাৰত সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত গোলাঘাট জিলা মল্ল যুদ্ধ সন্থাৰ সভাপতি নৈতিক বৰগোহাঁই, সহকাৰী সম্পাদক বিজয় ফুকন, প্ৰশিক্ষক অনুস্তপ নৰহ আৰু পাপু চাওতাল উপস্থিত থাকি পদক লাভ কৰা খেলুৱৈ সকলক উৎসাহ প্ৰদান কৰে ৷

বাতৰি যুগুতাতে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Leave A Reply

Your email address will not be published.