বিশ্ব পৰিভ্ৰমী পক্ষী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক পক্ষী দিৱস উদযাপন সমিতিৰ উদ্যোগত ১৪মে’ত অসম ৰাজ্যিক চিৰিয়াখানাৰ হাৰ্বেবিয়াম প্রেক্ষাগৃহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অষ্টাদশ পক্ষী দিৱস পালন কৰা হয়। পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰকৃতি প্রেমী তথা উদযাপন সমিতিৰ সভাপতি প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে , স্মৃতি তৰ্পণ কৰে ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই , বৃক্ষৰোপনৰ কার্যসূচী যুটীয়াভাৱে মুকলি কৰে আঞ্চলিক বন বিষয়া ইন্দ্ৰাণী বৰগোহাঁই আৰু পশু চিকিৎসা বিষয়া ডাঃ শংকৰ শৰ্মাই । তাৰ পিছত চিৰিয়াখানাত থকা পক্ষী খাদ্য যেনে-মাছ, বুট আৰু কল ইত্যাদি বিতৰণ কৰা হয়। বিতৰণ কাৰ্যসূচী মুকলি কৰে মুকলি কৰে বিশিষ্ট সমাজসেৱিকা বৃন্দালী দেৱীয়ে। ইয়াৰ পিছত পক্ষী আৰু প্ৰকৃতিৰ বাবে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে এটি শোভাযাত্রাও উলিওৱা হয়। শোভাযাত্ৰা মুকলি কৰে অসম কবি সমাজৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে । দুপৰীয়া পক্ষী আৰু প্ৰকৃতিৰ ওপৰত লিখা স্ব ৰচিত কবিতাপাঠ অনুষ্ঠানত ৬৫ জন কবিয়ে পাঠ কৰে । প্ৰতিজন কবিকে একোখনকৈ মানপত্র প্রদান কৰা হয়। বিয়লি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাবে নেচার্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত , বিশিষ্ট অতিথি হিচাবে পক্ষী বিশেষজ্ঞ জয়জিত শৰ্মা, বিশিষ্ট কবি ৰাজেন্দ্ৰ নাথ বৰদলৈ, প্রকৃতি প্রেমী ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট সমাজসেৱক বিপুল হাজৰিকা উপস্থিত থাকে । সভাত সভাপতিত্ব কৰে প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে আৰু সভাৰ আঁত ধৰে ৰঞ্জু গগৈ ভাগৱতীয়ে। সভাত পক্ষী সংৰক্ষণ, হাবি-জংগল, খাল-ডোং, নৈ-বিল, অভয়াৰণ্য আদি প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয়। অনুষ্ঠানত পক্ষী আৰু প্ৰকৃতিৰ ওপৰত লিখা সমবেত সংগীত ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসমৰ শিল্পীসকলে পৰিবেশন কৰে, বৰগীত পৰিবেশন কৰে বন্তি হাজৰিকাই । তাৰোপৰি ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসমৰ মুখপাত্র ‘পক্ষী সংবাদ’ উন্মোচন কৰে সৌম্যদ্বীপ দত্তই ।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে