উন্মোচন হ’ল আন্তৰিক সংযোগৰ ৱেৱছাইট

0 247

আজি দিনৰ ১১ বজাত গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ভৱনৰ প্ৰেক্ষাগৃহত আন্তৰিক সংযোগ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ ৱেবছাইটটি বৰ্ষীয়ান শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যই উন্মোচন কৰে ৷এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে স্বনামধন্য লেখিকা তথা বৰ্তমান ৰে’লৱে ক্লেইম্‌চ ট্ৰিবিউনেলৰ বিষয়া লীনা শৰ্মা, বিশিষ্ট অতিথি হিচাপে অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত তথা কবি-অভিনেতা পাৰ্থসাৰথি মহন্ত,গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা,জ্যেষ্ঠ সাংবাদিক তথা আমাৰ অসম কাকতৰ ডেপুটি এডিটৰ গৌতম শৰ্মা,জ্যেষ্ঠ সাংবাদিক তথা ডি এ নিউজ প্লাছ চেনেলৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ,লেখক-সমালোচক ময়ূৰ বৰা উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে চিত্ৰলেখা সৌকাধৰাই৷
ময়ূৰী দত্তই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰিপুঞ্জয় গগৈ,মন্টু শইকীয়া,গোপাল জালান,অৱনী বৰা ,মৃদুল কুমাৰ সন্দিকৈ,অনিল শইকীয়া, মধুমিতা বৰুৱা শইকীয়া,যতীন চন্দ্ৰ শইকীয়া,পংকজ নাৰায়ণ সৌকাধৰা,ময়ূৰ ৰঞ্জন বৰঠাকুৰ, সৌৰভ সৌকাধৰা,বনিকা বুঢ়াগোহাঁই,মিতালী কোঁৱৰ,হিমাক্ষী গগৈ আদি ভিন্নক্ষেত্ৰৰ কেইবাগৰাকীও গণ্য মান্য ব্যক্তিও উপস্থিত থাকে৷ উল্লেখ্য যে পাপৰি সৌকাধৰা বৰঠাকুৰে ২০২০ চনত প্ৰতিষ্ঠা কৰা এই স্বেচ্ছাসেৱী সংগঠনটোৰ মূল উদ্দেশ্য হৈছে ঘৰত অকলশৰে থকা বয়সস্থ ব্যক্তিসকলক মনৰ কথা পাতিবলৈ তথা তেওঁলোকৰ নিঃসঙ্গতা দূৰ কৰিবলৈ সমবয়সৰে লগ এটা দিয়া যাতে ব্যক্তিসকলে নিজৰ বাৰ্ধক্য উপভোগ কৰিব পাৰে৷ইতিমধ্যেই অসমৰ লগতে ভাৰতৰ আন ৰাজ্যৰ বহুলোকে আন্তৰিক সংযোগৰ সেৱাৰ জৰিয়তে উপকৃত হৈছে৷অনুষ্ঠানৰ আৰম্ভণিতে কণমানি মুগ্ধা বৰঠাকুৰে অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত ,কবি পাৰ্থসাৰথি মহন্তই ৰচনা কৰা তথা আন্তৰিক সংযোগৰ নামত উৎসৰ্গিত ” বুঢ়া বুঢ়া গোন্ধ” শীৰ্ষক কবিতাটি আবৃত্তি কৰি উপস্থিত সকলোৰে প্ৰশংসা লাভ কৰে৷উল্লেখ্য যে উক্ত কবিতাটিৰ ইতিমধ্যেই মুক্তি পাই সমাদৃত ভিডিঅ’টিৰ মূল আবৃত্তিকাৰ কুলদা কুমাৰ ভট্টাচাৰ্য৷
অনুষ্ঠানটিৰ আদৰণি ভাষণত আন্তৰিক সংযোগৰ প্ৰতিষ্ঠাপক সমাজকৰ্মী তথা প্ৰতিভশালী লেখিকা পাপৰি সৌকাধৰা বৰঠাকুৰে স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্দেশ্য আৰু কৰ্মৰ চমু খতিয়ান দাঙি ধৰাৰ লগতে ব্যতিক্ৰমী চিন্তাৰে আজিৰ পৰা আঢ়ৈবছৰ পূৰ্বে আৰম্ভ পৰা এই সেৱাক আকোঁৱালি লোৱা,প্ৰচাৰ আৰু প্ৰসাৰত সহযোগ আগবঢ়োৱা সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে৷
ইংৰাজীৰ লগতে অসমীয়া ভাষাতো আন্তৰিক সংযোগৰ সকলো তথ্য সন্নিৱিষ্ট www. antoriksonjog.org শীৰ্ষক ত্ৰিদিশা কটকীয়ে ডিজাইন কৰা ৱেবছাইটি ৰাইজৰ বাবে মুকলি কৰে স্বনামপ্ৰসিদ্ধ শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যই৷অনুষ্ঠানত কুলদা কুমাৰ ভট্টাচাৰ্যৰ অনুৰোধত পাৰ্থসাৰথি মহন্তয়েই ৰচনা কৰা
“মোৰ দেখোন বুঢ়া হৈ বেয়া লগা নাই” শীৰ্ষক কবিতাটিৰ ভিডিঅ’ৰ দৃশ্যাংশও প্ৰদৰ্শন কৰা হয়৷

Leave A Reply

Your email address will not be published.