ভাল খবৰ-এতিয়া সকলোৱে বিমানকোঠৰ আগমন কক্ষৰ পৰা আদৰিব পাৰিব নিজ নিজ যাত্ৰীক

0 561

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত এতিয়া সকলোৱে আগমন কক্ষৰ ভিতৰৰ পৰা আদৰি আনিব পাৰিব নিজ-নিজ যাত্ৰীক। সূত্ৰ অনুসৰি, বিমানকোঠ কতৃপক্ষই, আগমন কক্ষৰ ভিতৰত এখন ‘মীট এণ্ড গ্ৰীত’ এলেকাৰ সৃষ্টি কৰিছে য’ত সকলোৱে গৈ নিজ-নিজ যাত্ৰীৰ বাবে অপেক্ষা কৰিব পাৰিব। মাত্ৰ তাৰ বাবে ২ নম্বৰ প্ৰস্থান গেটৰ ওচৰত থকা টাৰ্মিনেল মেনেজাৰৰ অফিচৰ লগতে লাগি থকা টিকট কাউন্টাৰৰ পৰা এটা টিকট ক্ৰয় কৰি ল’ব লাগিব। উল্লেখযোগ্য যে, উক্ত এলেকাটোত অতি কমেও ১২৩ জন লোক বঢ়িব পৰা ব্যৱস্থা কৰা হৈছে। এই সেৱা সপ্তাহত ৭ দিন আৰু ২৪ ঘন্টাই অব্যাহত থাকিব। টিকটৰ মূল্য প্ৰতি ৩ ঘন্টাৰ বাবে মাত্ৰ ৮০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। ৫ বছৰতকৈ তলৰ শিশুৰ বাবে প্ৰৱেশ অৱশ্যেই বিনামূলীয়া। এই সেৱা সকলোৰে বাবে ফলপ্ৰসূ হ’ব বুলি বিমানকোঠ কতৃপক্ষই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.