বিশ্ব পৰিভ্ৰমী পক্ষী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক পক্ষী দিৱস উদযাপন সমিতিৰ উদ্যোগত ১৪মে’ত অসম ৰাজ্যিক চিৰিয়াখানাৰ হাৰ্বেবিয়াম প্রেক্ষাগৃহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অষ্টাদশ পক্ষী দিৱস পালন কৰা হয়। পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰকৃতি প্রেমী তথা উদযাপন সমিতিৰ সভাপতি প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে , স্মৃতি তৰ্পণ কৰে ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই , বৃক্ষৰোপনৰ কার্যসূচী যুটীয়াভাৱে মুকলি কৰে আঞ্চলিক বন বিষয়া ইন্দ্ৰাণী বৰগোহাঁই আৰু পশু চিকিৎসা বিষয়া ডাঃ শংকৰ শৰ্মাই । তাৰ পিছত চিৰিয়াখানাত থকা পক্ষী খাদ্য যেনে-মাছ, বুট আৰু কল ইত্যাদি বিতৰণ কৰা হয়। বিতৰণ কাৰ্যসূচী মুকলি কৰে মুকলি কৰে বিশিষ্ট সমাজসেৱিকা বৃন্দালী দেৱীয়ে। ইয়াৰ পিছত পক্ষী আৰু প্ৰকৃতিৰ বাবে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে এটি শোভাযাত্রাও উলিওৱা হয়। শোভাযাত্ৰা মুকলি কৰে অসম কবি সমাজৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে । দুপৰীয়া পক্ষী আৰু প্ৰকৃতিৰ ওপৰত লিখা স্ব ৰচিত কবিতাপাঠ অনুষ্ঠানত ৬৫ জন কবিয়ে পাঠ কৰে । প্ৰতিজন কবিকে একোখনকৈ মানপত্র প্রদান কৰা হয়। বিয়লি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাবে নেচার্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত , বিশিষ্ট অতিথি হিচাবে পক্ষী বিশেষজ্ঞ জয়জিত শৰ্মা, বিশিষ্ট কবি ৰাজেন্দ্ৰ নাথ বৰদলৈ, প্রকৃতি প্রেমী ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট সমাজসেৱক বিপুল হাজৰিকা উপস্থিত থাকে । সভাত সভাপতিত্ব কৰে প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে আৰু সভাৰ আঁত ধৰে ৰঞ্জু গগৈ ভাগৱতীয়ে। সভাত পক্ষী সংৰক্ষণ, হাবি-জংগল, খাল-ডোং, নৈ-বিল, অভয়াৰণ্য আদি প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয়। অনুষ্ঠানত পক্ষী আৰু প্ৰকৃতিৰ ওপৰত লিখা সমবেত সংগীত ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসমৰ শিল্পীসকলে পৰিবেশন কৰে, বৰগীত পৰিবেশন কৰে বন্তি হাজৰিকাই । তাৰোপৰি ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসমৰ মুখপাত্র ‘পক্ষী সংবাদ’ উন্মোচন কৰে সৌম্যদ্বীপ দত্তই ।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত