গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দা চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকনোলজী চমুকৈ জি আই এম টিত প্ৰথম বাৰৰ বাবে ১২ মে’ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত টেকমিলাপ ২০২২ ১৪ মে’ৰ নিশা সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰে । ১২ মে’ত বন্তি প্ৰজ্বলনৰে টেকমিলাপ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমী চ’ছাইটিৰ সভাপতি ৰাতুল দাসে । এই উপলক্ষে জি আই এম টিৰ অধ্যক্ষ অধ্যাপক থুলেশ্বৰ নাথৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্তই অসমৰ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰখনত অৱদান আগবঢ়াই অহা জি আই এম টিয়ে ছাত্ৰ – ছাত্ৰী সকলক পুনৰ এখন প্লেটফৰ্ম দিয়াৰ বাবে এনে ধৰণৰ অনুষ্ঠান – প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰতিষ্ঠানখনৰ শলাগ লয় । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে আই আই টি, গুৱাহাটীৰ উপ সঞ্চালক অধ্যাপক শশীন্দ্ৰ কুমাৰ কাকতিয়ে ভাগ লৈ কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা আদিৰ ওপৰত বাখ্যা দাঙি ধৰে । আনহাতে টেকমিলাপৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ প্ৰায় পাঁচশ ছাত্ৰ – ছাত্ৰীয়ে ভাগ লয় । ১৪ মে’ৰ বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা আৰু মানপত্ৰ সমূহ বিতৰণ কৰা হয় । সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বিশিষ্ট শিল্পী তন্ময় শইকীয়াই । অনুষ্ঠানত কেবাজনো ছাত্ৰ – ছাত্ৰীৰ উপৰিও আমন্ত্ৰিত শিল্পীয়ে নৃত্য প্ৰদৰ্শন আৰু সংগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ