শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত পথ-সুৰক্ষাৰ নীতি-নিয়ম মানি চলাৰ শপত ল’লে সহস্ৰাধিক কুমাৰ-কুমাৰীয়ে-প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ স্বৰ্ণিম ভাৰত পথ সুৰক্ষা বাইক ৰেলী

0 219

মহত্ত্বপূৰ্ণ জীৱনৰ সন্ধান আৰু সাধনাৰ বাবে প্ৰয়োজন জীৱনৰ সুৰক্ষাৰ। জীৱন ৰক্ষাৰ বাবে প্ৰয়োজন পথ সুৰক্ষাৰ। এই মূল মন্ত্ৰেৰে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সহস্ৰাধিক ব্ৰহ্মকুমাৰ-কুমাৰীয়ে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ উপস্থিতিত ১৫ মে’ত শপত ল’লে যাতায়তৰ সময়ত পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলাৰ। নিজৰ লগতে আপোনজনকো পথ সুৰক্ষাৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য কৰাৰ বাবেও কুমাৰ, কুমাৰীসকলে একেমুখে অঙ্গীকাৰ কৰে ৷ উল্লেখ্য যে, প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে আজাদি কা অমৃত মহোৎসৱ উদযাপনৰ অংশ
হিচাপে অসমৰ ১৩খন জিলাত স্বৰ্ণিম ভাৰত পথ সুৰক্ষা বাইক ৰেলী উলিয়াই। এই বাইক ৰেলী উপলক্ষে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ব্ৰহ্মকুমাৰী শীলা ভনীয়ে জীৱন ৰক্ষাত পথ সুৰক্ষাৰ প্ৰভাৱ আৰু এই সন্দৰ্ভত সকলো সময়তে মানি চলিবলগীয়া বাণীসমূহ বাখ্যা কৰে । ইয়াৰ মাজতে পথ সুৰক্ষা বিষয়ত সকলোকে সজাগ কৰি সমবেত সকলোকে ব্ৰহ্মকুমাৰ প্ৰতাপ ভায়ে পথ সুৰক্ষাৰ সজাগতাৰ শপত বাক্য পাঠ কৰায়। সভাত ভাষণ দি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই ব্যতিক্ৰমী কাৰ্যসূচীৰ উচ্চ প্ৰশংসা কৰি সমাজত ইয়াৰ সুদুৰপ্ৰসাৰি প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে। ইয়াৰ পিছতে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী গৰাকীয়ে ফ্লেগ অফ কৰি আগন্তুক ২২ মে’লৈক অসমৰ ১৩খন জিলাত অব্যাহত থাকিবলগীয়া বাইক ৰেলীৰ শুভাৰম্ভ কৰে। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে এই ব্যতিক্ৰমী বাইক ৰেলীয়ে পথচাৰীকে ধৰি সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীকে যাতায়তৰ সময়ত অধিক সজাগ আৰু সচেতন কৰাৰ লগতে জীৱনৰ সুৰক্ষাৰ বাবে সকলোকে ভবাই তুলিব বুলি মন্তব্য কৰে । ইফালে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ পৰা আগুৱাই অহা বাইক ৰেলীৰ অংশগ্ৰহণকাৰী সকলক কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে উষ্ম আদৰণি জনায়। এই উপলক্ষে কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক সজাগতা সভাত ভাই সুৰেশ শৰ্মা আৰু মৌচুমী ভনীয়ে সকলোকে উদেশ্যি পথ সুৰক্ষাৰ বিভিন্ন নীতি নিৰ্দেশনাৰ কথা উল্লেখ কৰে। সভাত পৰিবহণ প্ৰাধিকাৰী ৰফিকুল হুছেইনে অংশগ্ৰহণকাৰী সকলক শলাগ লয় ৷

Leave A Reply

Your email address will not be published.