অসম ৰাজ্যিক পৰিবহন নিগমৰ এপ মুকলি

0 323

অসম ৰাজ্যিক পৰিবহন নিগমে the chalo শীৰ্ষক এটা এপ মুকলি কৰে।মহানগৰীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত এক অনুষ্ঠানত এই এপটো আনুুুষ্ঠানিকভাৱে মুকলি কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।জানিব পৰা মতে এই এপটোৰ জৰিয়তে  যাত্ৰীয়ে টিকট বুকিঙকে আদি কৰি বাছ গতি ,অৱস্থিতিৰ বিষয়ে সম্ভেদ জ পাব পাৰিব ।এই এপটোৱে যাত্ৰীৰ জৰুৰীকালীন সময়ত সহায়ক হ’ব।এপটোৰ সম্পৰ্কত অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে যাত্ৰী সকলক সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই এপৰ ব্যৱস্থা কৰা হৈছে ।আশাকৰো এপটোৱে সময়ত মাইলৰ খুটি হিচাপে কাম কৰিব।উল্লেখযোগ্য যে অসম ৰাজ্যিক পৰিবহন নিগমে ছাত্ৰৰ বাবে, ৩০%,ছাত্ৰীৰ বাবে ৩৫%জেষ্ঠ্য নাগৰিকৰ বাবে ৫০%,দিবাংগ আৰু মুক্তি যুঁজাৰুৰ বাবে ১০০%,মেডিয়াৰ বাবে ৮০%ৰেহাই মূল্যত যাতায়তৰ ব্যৱস্থা কৰিছে।

Leave A Reply

Your email address will not be published.