উত্তৰ পূৰ্বাঞ্চলৰ বিমান বন্দৰসমূহৰ উন্নীতকৰণৰ বাবে অসামৰিক বিমান পৰিবহন বিভাগে অহা দুবছৰৰ ভিতৰত পাঁচ হাজাৰ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য স্থিৰ কৰিছে।আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে এই কথা প্ৰকাশ কৰে।তেওঁ কয় যে গুৱাহাটী বিমান বন্দৰত নতুনকৈ হ’বলগীয়া টাৰ্মিনেলত ভালেসংখ্যক থলুৱা যুৱক যুৱতীয়ে নিয়োগৰ সুবিধা লাভ কৰিব।বিমান পৰিবহন খণ্ডত নিয়োগ লাভ কৰিলে যিকোনো শাখাৰ স্নাতক আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে চণ্ডীগড়ত থকা প্ৰশিক্ষণ কেন্দ্ৰত বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এই খণ্ডত নিয়োগ লাভ কৰিব পাৰে বুলি তেওঁ প্ৰকাশ কৰে।এই প্ৰশিক্ষণৰ সময়ত ২৯০০ টকাকৈ মাননী লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।ইয়াৰ বাবে প্ৰশিক্ষণ কেন্দ্রৰ সঞ্চালকৰ ফোন নম্বৰ ৯৯৭১৬০৭০০৪ ত যোগাযোগ কৰিব পাৰে বুলিও তেওঁ কয়।আনহাতে উত্তৰ-পূবৰ বিমানেৰে পণ্য পৰিবহন খণ্ডত যথেষ্ট সম্ভাৱনা আছে বুলি প্ৰকাশ কৰি তেওঁ অঞ্চলটোত ভালেমান পণ্য পৰিবহন কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে।অঞ্চলটোৰ ক’লা চাউল,মছলা,আনাৰসকে ধৰি বিভিন্ন ফল মূল আৰু অৰ্কিডৰ দেশে বিদেশ বৃহৎ চাহিদা আছে বুলি প্ৰকাশ কৰি জিন্দালে বিভিন্ন দুৰণিবটীয়া অঞ্চলৰ লোকসকলকো সমবায় পদ্ধতিত সামগ্ৰী সংৰক্ষণ কৰি বিমানেৰে পৰিবহনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ বিমান বন্দৰৰ উন্নীতকৰণৰ ব্যৱস্থা অব্যাহত আছে বুলি উল্লেখ কৰি ন ন অঞ্চলৰ সৈতে বিমান যোগাযোগ স্থাপনৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
Trending
- সমাগত বান পৰিস্থিতিৰ বাবে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ প্ৰস্তুতি-বানপ্ৰৱণ ৱাৰ্ড চিনাক্ত কৰি আগতীয়া পদক্ষেপ লোৱাৰ নিৰ্দেশ উপায়ুক্তৰ
- কমলপুৰ-হাজোত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা- ২০২৩-২৪ বিত্তীয় বৰ্ষত কমলপুৰ সমষ্টিৰ অন্তৰ্গত কলাজল নদীৰ মথাউৰি নিৰ্মাণৰ আশ্বাস
- How Conrad Sangma won the battle of wits against the much-hyped Political Strategist- Prashant Kishore’s I-PAC in Meghalaya By: Ashutosh Pandey
- মুম্বাইৰ নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেলত ষ্ক্ৰিণিং হ’ব পাৰ্থ সাৰথি মহন্তৰ দুই লিখনি
- বকোত স্বাস্থ্য বিভাগৰ বিশেষ স্বাস্থ্য শিবিৰ
- সুৰজিৎ একাডেমীত বিশ্ব পুতলা নাচ দিৱস পালন
- Entire public transport system in Guwahati will be run on green energy by 2026
- আজিৰে পৰা অসম সহ উত্তৰ-পূৰ্ব্বাঞ্চল অভিমুখে যাত্ৰা কৰিব ভাৰত গৌৰৱ ৰেল
- গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা, সংবাদ মাধ্যমক অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান
- VPP organises Rally of Gratitude