অসামৰিক সেৱালৈ নিৰ্বাচিত আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সম্বৰ্ধনা

0 114

অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত ৩৫ সংখ্যক স্থান লাভ কৰি অসম অসামৰিক সেৱালৈ নিৰ্বাচিত হোৱা আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ এটা সজাতি দলে ৭ ডিচেম্বৰত তেঁওক গুৱাহাটীৰ পাটৰকুছিস্থিত বাসগৃহত সম্বৰ্ধনা জনায় । সমিতিৰ সভাপতি বলেশ্বৰ ৰংপী, উপ সভাপতি হিতেশ্বৰ পাটৰ আৰু সাধাৰণ সম্পাদক প্ৰতিভা টেৰণপীৰ নেতৃত্বত যোৱা দলটোৱে আতুৰ কাঠাৰক গামোচা, জাপি আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উজ্বল ভবিষ্যত কামনা কৰে। উল্লেখ্য যে আতুৰ কাঠাৰ অসম ভৈয়াম কাৰ্বি আদৰবাৰ’ৰ সাধাৰণ সম্পাদক অজিত কাঠাৰ আৰু ববিতা টেৰণপীৰ জ্যেষ্ঠ সন্তান।

Leave A Reply

Your email address will not be published.