কামৰূপ মহানগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লব গোপাল ঝাই ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে । বিশেষকৈ দুৰ্ঘটনা সংঘটিত হলেও যাতে চালক – আৰোহীৰ জীৱন ৰক্ষা পৰে তাৰ বাবে দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰে আৰু চাৰিচকীয়া বাহনৰ চালক – যাত্ৰী উভয়ে ছিটবেল্ট ব্যৱহাৰ কৰে তাৰ নিশ্চিত কৰিবলৈ আৰু আইন ভংগ কৰা বাহনৰ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক ( প্ৰৱৰ্তক ) নিৰ্দেশ দিছে । উপায়ুক্তৰ নিৰ্দেশত আনদিনাৰ দৰে আজিও জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গণেশগুৰীৰ জি এছ ৰোডত ( শংকৰদেৱ পথ ) এক আকস্মিক অভিযান চলায় । অভিযান কালত দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান নকৰা আৰু চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা বহু কেইটা ঘটনা ধৰা পেলোৱা হয় । এই সন্দৰ্ভত মটৰ পৰিবহণ আইনৰ অধীনত মুঠ ৩৩ টা গোচৰ ৰজু কৰা হয় । জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে মটৰ পৰিবহণ আইন ভংগ কৰা তথা দুচকীয়া বাহনৰ চালক আৰু পাছত বহি যোৱা আৰোহীয়ে হেলমেট পৰিধান নকৰা , চাৰিচকীয়া বাহনৰ চালক – আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা সকলৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ এই অভিযান আগন্তক দিনত চলি থাকিব।
Trending
- নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্