পশ্চিম গুৱাহাটীৰ বৰাগাঁওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান চমুকৈ ” আই এ এছ এছ টি চৌহদত বিগত বছৰৰ দৰে এইবেলিও আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় । প্ৰতিষ্ঠান চৌহদত থকা ভাৰতৰ নোবেল বঁটা বিজয়ী বিজ্ঞানী চাৰ চি ভি ৰমনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী প্ৰদানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । আনহাতে এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত অধ্যাপক মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰি এইবোৰৰ বিজ্ঞান দিৱসৰ মূল বাণী ” Integrated Approach in S & T Sustainable Future ” সম্পৰ্কেও ব্যক্ত কৰে । তেনেদৰে দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত নিমন্ত্রিত অতিথি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক নাচৰিন এছ ইছলাম আৰু গণিত বিজ্ঞান বিভাগৰ অধ্যাপক নয়নদ্বীপ ডেকা বৰুৱা উপস্থিত থাকি বিজ্ঞান দিৱসৰ মূল বাণীৰ ওপৰত বাখ্যা আগবঢ়ায় । ইয়াৰ উপৰিও দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান বিষয়ক কুইজ আৰু পোষ্টাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । তেনেদৰে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগী সকলক বঁটা বিতৰণ কৰে সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । আনহাতে কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ নৱম আৰু দশম শ্ৰেণীৰ প্ৰায় ৪০০ গৰাকী ছাত্ৰ – ছাত্ৰী উপস্থিত আছিল ।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী