অসম বিধানসভা উপ নিৰ্বাচন-২০২২ মাজুলী উপ-নিৰ্বাচনৰ বাবে দিব্যাঙ্গ সাৰথি নিৰ্বাচন এপ মুকলি

0 201

মাজুলীৰ উপ-নিৰ্বাচনত সকলো স্তৰৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্য নিৰ্বাচনী বিষয়াই ‘দিব্যাঙ্গ সাৰথি নিৰ্বাচন’ এপ এটি মুকলি কৰে৷ সমষ্টিটোৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলে এই এপৰ জৰিয়তে ভোটদান কৰিবলৈ পৰিবহনৰ সুবিধা লাভ কৰিব পাৰিব৷মুখ্য নিৰ্বাচনী বিষয়া, অসম, নিতিন খাড়েই এপটো মুকলি কৰি কয় যে, ২০২১ বৰ্ষৰ উপ-নিৰ্বাচনটো এই এপটোৰ জৰিয়তে যথেষ্ট সংখ্যক বিশেষভাবে সক্ষম নাগৰিকে সুবিধাজনক পৰিবহনৰ মাধ্যমৰে অনাসয়ে নিজৰ ভোটদান সাব্যস্ত কৰিছিল৷ গতিকে ৭ মাৰ্চত হবলগীয়া ৯৯ নং মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনটো এই এপটোৰ জৰিয়তে বিশেষভাৱে সক্ষম ভোটাৰসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰলৈ অহা-যোৱা কৰিব পাৰিব৷
এই এপটো গুগল প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰি মবাইলত ইনষ্টল কৰি লব লাগিব৷ তাৰপিছত এপটোলৈ গৈ ব্যক্তিজনৰ নাম, ভোটাৰ কাৰ্ড, বিশেষ সক্ষমতাৰ প্ৰমাণপত্ৰ, মোবাইল নম্বৰ, জিলা, সমষ্টি আৰু স্পষ্টকৈ ব্যক্তিজনৰ শুদ্ধ ঠিকনা আপলোড কৰিব লাগিব৷ এপটোৱে শুদ্ধতা নিৰূপন কৰি তথ্যখিনি সাঁচি ৰখাৰ পিছত ভোটগ্ৰহণৰ দিনা সম্পূৰ্ণ বিনামূলীয়াকৈ বিশেষভাৱে সক্ষম ব্যক্তিজনৰ পৰিবহনৰ ব্যৱস্থা সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা কৰা হব৷ উল্লেখযোগ্য যে, এটা মোবাইল নম্বৰৰ পৰা বহুজন লোকে এই এপটোত পঞ্জীয়ন কৰিব পাৰিব৷

Leave A Reply

Your email address will not be published.